Local, Vocal, Global

বাঘজানৰ জুই নুমুৱাবলৈ আহিল এণ্ট’ন’ভ

বাঘজান তৈলক্ষেত্ৰৰ ৫নং খাদত সংঘটিত অগ্নিকাণ্ড নিৰ্বাপনৰ বাবে কানাডাৰ পৰা অত্যাধুনিক সামগ্ৰী কঢ়িওৱাত ব্যৱহৃত হৈছে বিশ্বৰ সৰ্ববৃহৎ এয়াৰ ক্ৰাফট এণ্ট’ন’ভ। ৫৯ হাজাৰ কিলোগ্ৰাম ওজনৰ সামগ্ৰীসহ বৃহস্পতিবাৰে কলকাতা বিমানবন্দৰত অৱতৰণ কৰিছে এন-১২৪ (এণ্ট’ন’ভ) এয়াৰ ক্ৰাফট। লোকপ্ৰিয় গোপীনাখ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত কাৰিকৰী অসুবিধাৰ বাবে অৱতৰণ কৰিব নোৱৰাত কলকাতাত লেণ্ডিং কৰোৱা হয়৷ কানাডাৰ কেলগেৰিৰ পৰা বাঘজান তৈলক্ষেত্ৰৰ অগ্নিনিৰ্বাপনৰ বাবে অহা এই এয়াৰ ক্ৰাফট খন। এণ্ট’ন’ভৰ জৰিয়তে স্নাবিং ইউনিট অনা হৈছে। ইতিমধ্যে মেছার্ছ এলাৰ্ট ডেমেজ কন্ট্ৰ’ল নামৰ বিদেশী সংস্থাৰ ৪জন বিশেষজ্ঞই দীৰ্ঘদিন ধৰি কাম কৰি আছে অগ্নিনিৰ্বাপনৰ বাবে৷ সীমা শুল্ক বিভাগে যাৱতীয় অনুমতি প্ৰদান কৰাৰ পিছতে কলকাতাৰ পৰা স্নাবিং ইউনিটৰ সামগ্ৰীসমূহ বাঘজানলৈ অনা হয়৷ ট্ৰেইলাৰৰ জৰিয়তে কলকাতাৰ পৰা ডিব্ৰুগড়লৈ সামগ্ৰীসমূহ অনা হ’ব আৰু ইয়াৰ বাবে সময় লাগিব ১৪ দিন৷ অইলৰ বিষয়ববীয়া আৰু বিশেষজ্ঞসকলে অত্যাধুনিক সা-সৰঞ্জামৰ জৰিয়তে বাঘজানৰ তৈলক্ষেত্ৰৰ অগ্নি নিৰ্বাপনৰ চেষ্টা চলাব৷