Local, Vocal, Global

অতিৰিক্ত মদ্যপান আৰু টোপনিৰ ঔষধ খাই আত্মহত্যাৰ চেষ্টা ‘বাবা কা ধাবা’ৰ স্বত্বাধিকাৰীৰ

আত্মহত্যাৰ চেষ্টা কৰে দিল্লীৰ ‘বাবা কা ধাবা’ৰ স্বত্বাধিকাৰী কান্তা প্ৰসাদে । দিল্লী আৰক্ষীৰ সূত্ৰ অনুসৰি, বৃহস্পতিবাৰে নিশা ১০:৪৫ বজাত তেওঁক ছফদৰজং হাস্পতালত ভৰ্তি কৰোৱা হয় । অত্যধিক মদ্যপান কৰাৰ পাছত টোপনিৰ ঔষধ গ্ৰহণ কৰাৰ বাবেই এই ঘটনা সংঘটিত হয় বুলি জনায় কান্তাৰ পুত্ৰ‌ই । কিন্তু, কিয় হঠাৎ আত্মহত্যাৰ চেষ্টা কৰে কান্তাই, তাৰ তদন্ত চলাই অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
কান্তাৰ পত্নী বাদামী দেৱীয়ে কয়, ‘ম‌ই একো নাজানো । কি খাইছে, ম‌ই সঁচাকৈয়ে নাজানো । একো নাই দেখা । ম‌ই ধাবাত আছিলো । চিকিৎসকসকলে একো কোৱা নাই । বুজিয়ে পোৱা নাই তেওঁৰ মূৰত কি ঘূৰি আছে।’ কিছুদিন পূৰ্বে কান্তাৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল সামাজিক মাধ্যমত । সেই ভিডিঅ’ত ৮১ বছৰীয়া কান্তাক কান্দি কান্দি গৌৰৱ ৱাছনৰ ওচৰত ক্ষমা খুজা দেখা যায় আৰু তেওঁ কয়, ‘গৌৰৱ চোৰ নহয়’ । বিগত বৰ্ষত অতিমাৰীৰ সময়ত গৌৰৱ নামৰ এই ফুড্‌ব্লগাৰজনৰ এটা ভিডিঅ’ৰ বাবেই ভাগ্য উদয় হৈছিল কান্তাৰ ।
সেই এটা ভিডিঅ’ই স্বপ্নৰ দৰে সলনি কৰি দিছিল কান্তা আৰু তেওঁৰ পত্নী বাদামী দেৱীৰ ৩০ বছৰৰ জীৱন । একে ৰাতিয়ে পৰিৱৰ্তন হয় দোকান ছবি । সংবাদ মাধ্যমৰ পৰা স্থানীয় বিধায়ক কিমান মানুহ আহিল । খাদ্য গ্ৰহণ কৰাসকলে ফটো তুলি সামাজিক মাধ্যমত শ্বেয়াৰ কৰি অন্যকো ধাবাখনলৈ আমন্ত্ৰণ জনায় । বহুতে তেওঁক আৰ্থিক সাহায্য‌ও প্ৰদান কৰে । সাহায্যৰ ধনেৰে নিজৰ এখন ৰেস্তোৰাঁ খোলে কান্তাই ।
সেই সময়তেই গৌৰৱৰ বিৰুদ্ধে সাহায্যৰ বিত্ত অনিয়ম কৰাৰ অভিযোগ উত্থাপন কৰি পুনৰ শিৰোনামত আহে বাবা কা ধাবাৰ স্বত্বাধিকাৰীজন । গ্ৰেপ্তাৰ কৰা হয় গৌৰৱক । কান্তাৰ ৰেস্তোৰাঁও ধ্বংস হৈ যায় । মুহূৰ্ততে সকলোবোৰ শেষ হৈ যায় । অৱশেষত উত্তৰ দিল্লীৰ মালব্য নগৰৰ শিবালিক ক’ল’নিৰ ঝুপুৰিতে উভতি আহিব লগা হয় তেওঁ । পৰৱৰ্তী সময়ত অৱশ্যে গৌৰৱৰ স’তে সমস্যাৰ সমাধানো কৰে কান্তাই । সম্প্ৰতি ভাইৰেল হোৱা ভিডিঅ’ত গৌৰৱক দিয়া ‘চোৰ’ বদনামো মছি পেলাব বিচাৰিছিল কান্তাই । ইয়াৰ পাছতেই তেওঁৰ আত্মহত্যাৰ চেষ্টাৰ ঘটনা সংঘটিত হয়।