মুকলিৰ ৭২ ঘন্টাৰ পিছতে কেনা লাগিল অটল টানেলত

মুকলিৰ ৭২ ঘন্টাৰ পিছতে কেনা লাগিল অটল টানেলত। মুকলিৰ ৭২ ঘন্টাৰ ভিতৰতে বিশ্বৰ দীৰ্ঘতম সুৰংগ পথটোত অথন্তৰ। মাত্ৰ ৭২ ঘন্টাৰ ভিতৰত অটল টানেলত সংঘটিত হ’ল ৩ টাকৈ দুৰ্ঘটনা। উল্লেখ্য যে সোমবাৰে সংঘটিত হৈছিল প্ৰথমটো দুৰ্ঘটনা। পৰৱৰ্তী সময়ত মঙলবাৰে সংঘটিত হয় আন দুটা দুৰ্ঘটনা।
লক্ষ্যণীয়ভাৱে বৰ্তমানে আঘাত প্ৰাপ্তৰ তথ্য পোহৰলৈ অহা নাই। চালকৰ ভুলৰ বাবে সংঘটিত হয় প্ৰথমটো দুঘৰ্টনা। ১ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভাৰম্ভ কৰিছিল বিশ্বৰ দীৰ্ঘতম সুৰংগ পথটোৰ।