Local, Vocal, Global

বহু প্ৰতীক্ষাৰ অন্তত কাইলৈ বৰ্ষাপাৰা ষ্টেডিয়ামত IPLৰ দ্বিতীয় খন মেচ…

ডিজিটেল ডেস্ক:- বহু প্ৰতীক্ষাৰ অন্তত কাইলৈ IPLৰ দ্বিতীয় খন মেচ ।কাইলৈ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব IPL ৰ দ্বিতীয়খন মেচ।দিল্লী কেপিটেলছ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ’ব বহু প্ৰতীক্ষিত খেলখন।বিয়লি ৩ বাজি ৩০ মিনিটত আৰম্ভ হ’ব খেলখন দিনৰ ১ বজাৰ পৰা দৰ্শকৰ বাবে মুকলি কৰি দিব প্ৰৱেশ দ্বাৰ।খেলখনৰ বাবে বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈচে খেলুৱৈৰ লগতে চাপটিং ষ্টাফ।হোটেল ৰেডিশ্যন ব্লুত আছে।আজি দিনৰ ১বজাৰ পৰা অনুশীলন চলাই আছিল।বিয়লি ৩.৩০ অনুশীলন সামৰি পেলাই।ৰাজস্থান ৰয়েলছে বিয়লি ৩.৩০ বজাৰ পৰা অনুশীলন আৰম্ভ কৰে সন্ধিয়াই ৬ বজালৈ বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছে চলাব অনুশীলন।৫ এপ্ৰিলত বৰ্ষাপাৰাত সফলতাৰে IPL ৰ প্ৰথমখন মেচ অনুষ্ঠিত হোৱাৰ পিছত দ্বিতীয়খন মেচৰ বাবে সাজু হৈছে বৰ্ষাপাৰা ষ্টেডিয়াম।