Local, Vocal, Global

নিশা হ’লেই আৰম্ভ হয় ছোৱালীৰ দৰ-দাম!২০ টকাৰ ষ্টাম্প পেপাৰত বিক্ৰী হয় মহিলা…

ডিজিটেল ডেস্ক:-আজি আমি আপোনাক এখন গাঁৱৰ কাহিনী কবলৈ গৈ আছো। যিয়ে আপোনাক স্তম্ভিত কৰি তুলিব। আপোনাক কিছু সময়ৰ বাবে চিন্তিত কৰিবলৈ বাধ্য কৰাব। ইয়াৰ কাৰণ, গোটেই কাহিনীটোৱেই হৈছে বেদনাদায়ক। মধ্যপ্ৰদেশৰ এখন সৰু গাঁৱৰ সৈতে সম্পৰ্কিত কাহিনীটো। যদি আপুনি মধ্যপ্ৰদেশৰ বিষয়ে জানে তেন্তে আপুনি নিশ্চিতভাৱে শিৱকুৰী গাঁৱৰ বিষয়েও জানিব লাগিব। কাৰণ শিৱকুৰীতেই আছে সেই বিশেষ গাঁওখন। যিখন গাঁৱত ছোৱালীৰ দৰ-দাম কৰা হয়। আটাইতকৈ ডাঙৰ কথাটো হল যে এই স্থানত ছোৱালীবোৰক ২০ টকাত ষ্টাম্প পেপাৰত বিক্ৰী কৰা হয়। শুনিবলৈ যদিও আচৰিত কিন্তু এয়াই সত্য। প্ৰকৃততে শিৱকুৰীত দীৰ্ঘদিনৰ পৰাই চলি আহিছে এই সকলোবোৰ। ছোৱালীৰ বাবে দৰ-দাম কৰা এই ব্যৱসায় ধগিছা নামৰ প্ৰথাৰ বাবে কৰা হয়। গাঁওখনৰ মানুহে বহু শতাব্দীৰ পৰাই এই প্ৰথা অনুসৰণ কৰি আহিছে। এই অনুশীলনত ইয়াত ছোৱালীবোৰ ২০ টকাৰ বিনিময়ত পুৰুষৰ বাবে মনোৰঞ্জনৰ সামগ্ৰী হৈ পৰে। এই প্ৰথাটো হৈছে মহিলা আৰু ছোৱালীক ক্ৰয় কৰা এটা অসাধাৰণ প্ৰথা। যি প্ৰথাৰ জৰিয়তে যুৱতী-মহিলাসকলক ষ্টাম্পত স্বাক্ষৰ কৰাই চুক্তি কৰি লোৱা হয়। আপুনি বিশ্বাস নকৰিব যে স্বাক্ষৰিত চুক্তিবোৰ এটা ৰাতিৰ বাবে কৰা হয়। অধিক মূল্য পালে দীঘলীয়া হৈ পৰে এই চুক্তিবোৰ। গ্ৰাহকৰ চুক্তি সমাপ্ত হোৱাৰ লগে লগে সেই মহিলা বা যুৱতীগৰাকীক পুনৰ নতুন চুক্তিৰ বাবে প্ৰেৰণ কৰা হয়। এই দৰ-দামৰ বাবে গাঁওখন কেৱল ৰাজ্যতে নহয়, সমগ্ৰ দেশতে কুখ্যাত। গাঁওখনত বসবাস কৰা মহিলাসকলে কয় যে চৰকাৰে এই অশুভ প্ৰথাটো সমাপ্ত কৰিবলৈ কেইবাবাৰো প্ৰয়াস কৰিছে যদিও এই প্ৰথাৰ সমাপ্তি এতিয়ালৈ হোৱা নাই। সূত্ৰ অনুসৰি মহানগৰ দিল্লী, মুম্বাই, ইনডোৰ, কাণপুৰৰ লগতে আন আন বহু ৰাজ্যৰ সৈতে সম্পৰ্কিত গাঁওখন। বৰ্তমান সময়তো মহিলাসকলৰ ডাক লগোৱা হয় এই বজাৰখনত। বছৰত এবাৰ অনুষ্ঠিত হয় মহিলা আৰু যুৱতীৰ এই বিশাল বজাৰখন। বজাৰখনত মহিলা বা যুৱতীৰ মূল্য ১৫ হাজাৰৰ পৰা ৪ লাখ পৰ্যন্ত থাকে। বজাৰৰ পৰা বিক্ৰী হোৱা মহিলাসকলক ২০ৰ পৰা ১০০ টকাৰ ষ্টাম্প পেপাৰত স্বাক্ষৰি নিৰ্ধাৰিত সময়লৈ লোৱা হয়। এই চুক্তি অন্ত পৰাৰ পিছত সেই মহিলা-যুৱতীগৰাকীক অন্য পুৰুষৰ সৈতে বিবাহ পাশত আৱদ্ধ কৰাই দিয়া হয়।