Local, Vocal, Global

ৰাজ্যৰ বৰ্তমানৰ ক’ভিডস্থিতি

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰাণালয় আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে প্ৰকাশ কৰিলে ৰাজ্যৰ শেহতীয়া ক’ভিডস্থিতি। আনতকৈ অসম আগত। ৰাজ্যত ৩১ মাৰ্চত প্ৰথম ক’ভিড ৰোগী চিনাক্ত হোৱাৰে পৰাই ক’ভিড বিৰোধী যুঁজত অসম আগস্থানত আছে। WHO & MoHFW আৰু কভিড প্ৰ’টোকলৰে ক’ভিড যুঁজত মোকাবিলা কৰাত সফলতা লাভ কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। বৰ্তমানেও ৰাজ্যত ক’ভিড আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পায় আছে। দেশত বৰ্তমান ২৫ লাখ অতিক্ৰম কৰ’না আক্ৰান্তৰ সংখ্যা।

ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত ৭৫,৫৫৮ গৰাকী। বৰ্তমানলৈ ৰাজ্যত ৫৩,২৮৬ গৰাকী ৰোগী আৰোগ্য লাভ কৰাৰ বিপৰীতে মৃত্যু হৈছে ১৮২ গৰাকীৰ। বৰ্তমান ৰাজ্যত চিকিৎসাধীন অৱস্থাত আছে ২২,০৮৭গৰাকী।
২৪ ঘন্টাত অসমৰ স্বাস্থ্য বিভাগে ২০৮০৫ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে। ২৪ ঘন্টাত অসমত কৰ’নাত আক্ৰান্তৰ হাৰ ৫.০৮ শতাংশ।

১৫ আগষ্টলৈ ৰাজ্যত ১৭,০৫,৫২৬ গৰাকীৰ লোকৰ ক’ভিড টেষ্ট সম্পন্ন হৈছে। প্ৰতি ১০ লাখ লোকৰ বিপৰীতে ৪৯,৭৩৪ গৰাকী লোকৰ SWAB পৰীক্ষা কৰিবলৈ সক্ষম হৈছে। ২ আগষ্টলৈ ৫০,৭৯২ ৰোগীক ১০৮ বাহনেৰে হাস্পতাললৈ ভৰ্তি কৰা হৈছে। প্ৰতিদিনে ৫০০০ পৰাই ৫৫০০ লৈ ১০৮ সেৱালৈ ফোন যোগে যোগাযোগ হৈ আছে। ১ মাৰ্চৰ পৰাই ১০৪ হেল্পলাইন নম্বৰলৈ ১৩,৯৮,৬২১ ফোন যোগেযোগা হৈছে। ৪৮,০৮,৮৩ ক’ভিড লগত জড়িত ফোন।