Local, Vocal, Global

বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ অসমৰ লাভলীনা বৰগোহাঁই…

ডিজিটেল ডেস্ক:- বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ অসমৰ তাৰকা লাভলীনা বৰগোহাঁই।অসমৰ লাভলীনা বৰগোহাঁইয়ে প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপৰ সোণৰ পদকৰ বাবে যুঁজ দিব।

বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত হৈ থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপখনত লাভলীনাই ছেমি ফাইনেলত চীনৰ শক্তিশালী প্ৰতিদ্বন্দি লি কিয়ানক ৪-২ গ’লত পৰাস্ত কৰি লাভলীনাই ৭৫ কিলোগ্ৰাম শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে।

লাভলীনাই ইয়াৰ পূৰ্বে মুঠ ৩ বাৰ এই প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। এইবাৰ তেওঁ প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰাৰ লগতে অন্ততঃ ৰূপৰ পদক নিশ্চিত কৰিছে।

লাভলীনাৰ উপৰিও এই প্ৰতিযোগিতাখনত ভাৰতৰ এই পৰ্যন্ত ৪ টা পদক নিশ্চিত হৈছে।নিখাত জাৰিনেও ৫০ কেজি শাখাত কলম্বিয়াৰ প্ৰতিদ্বন্দিক ছেমি ফাইনেলত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ৮১ কেজি শাখাত চাৱেটি বৰাই অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দিক আৰু নিতু ঘাংঘাছে কাজাখাস্তানৰ আলুয়া বাল্কিবেকোভাক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।