Local, Vocal, Global

মহানগৰবাসীলৈ সমুহিক সকাহ! কিছু পৰিমাণে হ্ৰাস কৰ’নাৰ সংক্ৰমণ

মহানগৰবাসীলৈ কিছু সকাহ

লকডাউনৰ পিছতে মহানগৰীত কিছু পৰিমাণে হ্ৰাস  কৰ’নাৰ সংক্ৰমণ। বৃহস্পতিবাৰে ৰাজ্যত পুনৰ ১০৪৭ গৰাকী লোকৰ দেহত ধৰা পৰে কৰ’নাৰ অৱস্থিতি। নতুনকৈ হোৱা আক্ৰান্তৰ ২১৯গৰাকীয়ে গুৱাহাটী মহানগৰীৰ। ইয়াৰ বিপৰীতে বৃহস্পতিবাৰে আৰোগ্য লাভ কৰি ঘৰলৈ উভতে ১৩৪৯ গৰাকী ৰোগীয়ে। বিগত চাৰিদিন ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ৪ সহস্ৰাধিক লোক।

২০ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ২৮,৭৯১ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ২০,৬৯৯ গৰাকী। বৰ্তমান ৰাজ্যত ৮০১৯ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৭০ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে।

ৰাজ্যত ৭ লাখ লোকৰ লোকৰ সম্পন্ন SWAB পৰীক্ষা

উল্লেখ্য যে অসমত বৰ্তমানলৈ ৭ লাখ ২৩ হাজাৰ ২৮৭ গৰাকী লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন হৈছে। ২৪ ঘন্টাত ৰাজ্যত ১৯ হাজাৰ লোকৰ স্বাৱ পৰীক্ষা সম্পন্ন কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। ২৪ ঘন্টাত ৰাজ্যত আক্ৰান্তৰ হাৰ ৫.২৫ শতাংশ ।