Local, Vocal, Global

কাইলৈ থাকিবনে সাপ্তাহিক লকডাউন?

লকডাউনৰ পৰা আনলক ঘোষণা কৰাৰ লগে লগে সমগ্ৰ ৰাজ্যজুৰি কাৰ্যকৰী হৈছিল সাপ্তাহিক লকডাউন। শেহতীয়াকৈ আনলক-4.0 ঘোষণাৰ লগে লগে সাপ্তাহিক লকডাউন বাতিল কৰিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু অসম চৰকাৰে কেন্দ্ৰৰ নিৰ্দেশনা ৪ ছেপ্তম্বৰলৈ অসম কাৰ্যকৰী নহয় বুলি কিছুদিন পুৰ্বে প্ৰকাশ কৰিছিল।

এতিয়া প্ৰশ্ন হৈছিল যে অসমত শনিবাৰ আৰু ৰবিবাৰৰ সাপ্তাহিক লকডাউন কাৰ্যকৰী হ’ব নে নহয়। সাপ্তাহিক লকডাউন সন্দৰ্ভত মুখ্য সচিবে জাৰি কৰিলে নতুন নিৰ্দেশনা।