Local, Vocal, Global

২১ ছেপ্টেম্বৰত শিক্ষানুষ্ঠান খুলিলে কোন-কোন আহিব লাগিব, কোন কোন নালাগে?

অপেক্ষাৰ অৱসান৷ ২১ ছেপ্টেম্বৰত খুলিব ৰাজ্যৰ বিদ্যালয়সমূহ৷ বিগত ছমাহে বন্ধ হৈ আছিল ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ৷ কাল কৰ’নাৰ ভয়াৱহতাৰ মাজতো বিদ্যালয়সমূহ পুনৰ খুলি দিয়াৰ সন্দৰ্ভত সাম্প্ৰতিক সময়ৰ এক বৃহত্‍ প্ৰত্যাহ্বান। কিন্তু প্ৰত্যাহ্বান গ্ৰহণ কৰিও ৰাজ্য চৰকাৰে শিক্ষানুষ্ঠান পুনৰ খোলাৰ সন্দৰ্ভত জাৰি কৰিলে নতুন নিৰ্দেশনা।

ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা সমূহ হ’ল-

  • কণ্টেইণ্টমেণ্ট জ’নৰ শিক্ষানুষ্ঠান নোৱাৰিব খুলিব
  • কণ্টেইনমেণ্ট জ’নৰ কোনো বিদ্যাৰ্থী বা শিক্ষক শিক্ষানুষ্ঠানলৈ আহিব নোৱাৰিব
  • জটিল ৰোগ (যেনে মধুমেহ, কিডনী ৰোগ, কৰ্কট, হৃদৰোগ) আক্ৰান্ত শিক্ষক-শিক্ষয়ত্ৰী আহিব নালাগে বিদ্যালয়লৈ
  • কোৱাৰেন্টীন কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা শিক্ষানুষ্ঠানসমূহ বিশেষ ভাবে পৰিষ্কাৰ কৰিব লাগিব
  • চেনিটাইজ কৰিব লাগিব সকলো শিক্ষানুষ্ঠান
  • বতৰৰ ওপৰত নিৰ্ভৰ কৰি বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ বাহিৰৰ ঠাই ব্যৱহাৰ কৰিব পাৰিব, (যেনে খেলপথাৰত, গছৰ তল) আদি ঠাই
  • কোনো ধৰণৰ সভা বা অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব
  • শিক্ষানুষ্ঠানসমূহত পৰ্যাপ্ত পৰিমাণৰ ফেচ মাস্ক, ফেচ ক’ভাৰ, চাবোন, চেনিটাইজাৰ মজুত ৰাখিব লাগিব
  • শিক্ষানুষ্ঠানসমূহ পাল্চ অক্সিমিটাৰ থাকিব লাগিব

বিদ্যালয় প্ৰৱেশৰ নিয়ম-

  • প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে বেলেগ বেলেগ পথ থাকিব লাগিব
  • প্ৰৱেশ কৰাৰ সময়ত থাৰ্মেল স্ক্ৰীণিং আৰু চেনিটাইজৰ ব্যৱস্থা কৰিব লাগিব
  • কৰ’না লক্ষণ বিহীনলোকহে শিক্ষানুষ্ঠানৰ চৌহদত প্ৰৱেশ কৰিব লাগিব
  • শিক্ষানুষ্ঠানৰ ভিতৰত যেন ভিৰ নহয় সেই দিশ শিক্ষানুষ্ঠানে নিজে নজৰ দিব লাগিব
  • যিকোনো লোক বিদ্যালয়ৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰিব
  • পেঞ্চিল, ৰবৰ, বহী, পানী বটল ছাত্ৰ-ছাত্ৰীয়ে ইজনে সিজনৰ লগত ভাগ-বতৰা কৰিব নোৱাৰিব
  • শিক্ষানুষ্ঠানৰ বাছ চলিলেও এক তৃতীয়াংশকহে আনিব পাৰিব

উল্লেখ্য যে, ২১ ছেপ্তেম্বৰৰ পৰা ১৫ দিনলৈকে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা। নৱম পৰা শ্ৰেণীলৈকে পাঠদানৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰ।