এইবাৰ গঁড়ৰ খৰ্গৰ ব্যৱসায়ত নামিল স্বয়ং বনৰক্ষী জোৱান
ৰক্ষকে ভক্ষক! এইবাৰ গঁড়ৰ খৰ্গ ব্যৱসায়ৰ সৈতে জড়িত হৈছে কাজিৰঙাৰ সুৰক্ষাৰ দ্বায়িত্বত থকা বনৰক্ষী জোৱান ৷ বোকাখাত আৰক্ষীয়ে আটক কৰিলে শশী দলে নামৰ বনৰক্ষীজনক। উল্লেখ্য যে কাজিৰঙাৰ বিশেষ বন সুৰক্ষা বাহিনীৰ জোৱান শশী দলে গঁড় চিকাৰী তথা পলাতক গনেশ দলেৰ ভাতৃ ৷ আৰক্ষীয়ে মঙলবাৰে আটক কৰা উৰুকা পেগু আৰু কুনকুনি পেগুৰ স্বীকাৰোক্তিৰ ভিত্তিত বোকাখাত আৰক্ষীৰ অভিযানকাৰী দলে শশী দলেক। মঙ্গলবাৰে নিশা বুঢ়াপাহাৰৰ চেকনি বন সুৰক্ষা বাহিনীৰ মুখ্য কাৰ্যালয়ৰ পৰা আটক কৰে শশী দলেক৷
আনহাতে শশী দলেই এয়া এক ষড়যন্ত্ৰ বুলি উল্লেখ কৰিছে যদিও উৰুকা পেগুৰ পত্নী কুনকুনি পেগুক শশী দলে খৰ্গটো দিয়া বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷ কুনকুনি পেগুৱে দিয়া স্বীকাৰোক্তিৰ ভিত্তিতেই বোকাখাত আৰক্ষীয়ে আটক কৰিছে শশী দলেক ৷ কিন্তু বোকাখাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু নকৰি অনুসন্ধানৰ বাবে শশী দলেক কাজিৰঙাৰ বন বিভাগৰ হাতত চমজাই দিয়ে ৷