Local, Vocal, Global

প্ৰতিমুহূৰ্ততে ৰূপ সলাইছে ৰাজ্য কঁপোৱা SI প্ৰশ্নকাকত ফাদিলৰ ঘটনাই

প্ৰতিমুহূৰ্ততে ৰূপ সলাইছে ৰাজ্য কঁপোৱা SI প্ৰশ্নকাকত ফাদিলৰ ঘটনাই। বৰ্তমানলৈ আটক হৈছে ২১ জনকৈ অভিযুক্ত। নাম সাঙোৰ খাইছে ইজনৰ পিছত আনজন ব্যক্তিৰ নাম। বৰ্তমানলৈ ক্ৰাইম ব্ৰাঞ্চে আটক কৰিছে ৮ গৰাকী ব্যক্তিক। সঞ্জীৱ শৰ্মা,  কুশল দাস, প্ৰাঞ্জল শৰ্মা, অলকেশ বৈশ্য, বিমল থাপা, প্ৰণব বৰা, অশোক দাস, ধ্ৰুৱজ্যোতি দাস আৰু কুলদ্বীপ ৰাজৱংশী। আনহাতে CIDৰ জালত পৰিছে হিৰকজ্যোতি বৰুৱা, ৰাহুল দাস, জয়দীপ বৰুৱা, ৰূপম বৰুৱা, পি কে দত্তৰ পত্নীৰ গাড়ী চালক আৰু পৰীক্ষাৰ প্ৰাৰ্থী জনৈক তিৱাৰী।

ইতিমধ্য আৰক্ষীয়ে পলাতক পি কে দত্তৰ তিনিখনকৈ হোটেল ভাৰ্গৱ ছীল কৰিছে। কিন্তু লক্ষ্যণীয়ভাৱে বৰ্তমানেও পলাতক পি কে দত্ত, বিজেপি নেতা দিবন ডেকা, দিবন ডেকাৰ ঘনিষ্ঠ কুমুদ গোস্বামী আৰু কুমুদ গোস্বামীৰ গাড়ীচালক ৰিংকু কলিতা। উল্লেখ্য যে দিবন ডেকা আন এজন অতি ঘনিষ্ঠ আছিল কুলদ্বীপ ৰাজবংশী। কুলদ্বীপে নিবনুৱাসকলক বিনামূলীয়া প্ৰশিক্ষণৰ প্ৰলোভন দিছিল।

সময় অতিবাহিত হোৱাৰ লগে লগে উন্মোচিত হৈছে ন-ন তথ্য। প্ৰতিটো মূহৰ্ততে অধিক জটিলৰ দিশে গতি কৰিছে তদন্ত প্ৰক্ৰিয়া। শেহতীয়াকৈ পোহৰলৈ আহিছে পলাতক পি কে দত্ত চুপাৰী চিণ্ডকেটৰ লগতো জড়িত আছিল। এতিয়া সময়ত হে গম পোৱা যাব আৰক্ষীৰ তদন্ত কোন দিশে গতি কৰিব।