Local, Vocal, Global

এতিয়াৰে পৰা কোৱাৰেণ্টীনৰ সময়সীমা ২৪ ঘণ্টা…

জনতাভৱনত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা৷ সংবাদমেলত কৰ’না সন্দর্ভত বহুতো গুৰুত্বপূর্ণ মন্তব্য স্বাস্থ্যমন্ত্ৰী শর্মাৰ৷

বিমানযাত্ৰীৰ সুবিধাৰ্থে ৰাজ্যৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা। এতিয়াৰে পৰা বিমান যাত্ৰীয়ে অনলাইন ফৰ্ম ভৰ্তি কৰিব লগিব। বিমান যাত্ৰীৰ সুবিধাৰ্থে মুকলি visitassam.org নামে নতুন এপছ্।  লগতে বিমান যাত্ৰীৰ বাবে ৰাজ্য চৰকাৰে ঘোষণা কৰিলে নতুন কভিড প্ৰ’টকলৰ। এজন যাত্ৰীয়ে আহিলে Antigent Test আৰু RTPCR Test কৰিব লাগিব। সৰুসজাইৰ ক’ভিড চেণ্টাৰত ২২০০ টকা দিলে ২৪ ঘণ্টাতেই RTPCR Test টেষ্টৰ ৰিজাল্ট পাব, ২২০০ টকা নিদিলে ৰিজাল্টৰ সময় ৩ৰ পৰা ৪ দিনলৈ সময় লাগিব। ২৪ ঘণ্টাত ৰিজাল্ট পালে হ’ব নালাগে কোৱাৰেণ্টান আৰু ৰিজাল্ট নহালৈকে লাগিব কোৱাৰেণ্টাইন হ’ব।

পজিটিভ হৈ যোৱা ৰোগীয়ে বিমান যাত্ৰা আৰু ৰেল যাত্ৰা কৰিলে কৰিব নালাগে টেষ্ট। দেখুৱাব লাগিব পজিটিভ বা আৰোগ্য হোৱাৰ প্ৰমাণপত্ৰ।

লগতে স্বাস্থ্যমন্ত্ৰীয়ে ২৮,২৯,৩০ ছেপ্টেম্বৰত ৰাজ্যত ১ লাখকৈ কভিড টেষ্ট কৰাৰ লক্ষ্য নিৰ্ধাৰণ কথাও উল্লেখ্য কৰে। ৩০ হাজাৰ আশাকর্মীৰ জনজাগৰণ সপ্তাহ আৰু এই জনজাগৰণ সপ্তাহতে ঘৰে ঘৰে যাব আশাকর্মীসকল। লগতে ৰাইজক মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব সন্দর্ভত বিষদভাৱে বুজাব আশা কৰ্মী সকলে।