Local, Vocal, Global

ৰাজ্যত ১ লাখ অতিক্ৰম আৰোগ্য ৰোগীৰ সংখ্যা

ৰাজ্যত অব্যাহত কাল কৰ’নাৰ ভয়াৱহতা অব্যাহত থকাৰ সমান্তৰালকৈ বৃদ্ধি হৈছে সুস্থ হোৱা ৰোগীৰ সংখ্যা। অসমত ১ লাখ অতিক্ৰম আৰোগ্য ৰোগীৰ সংখ্যা।

কিন্তু বিগত ২৪ ঘন্টাত ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত ২,৫৭৯ গৰাকী। উল্লেখযোগ্য যে মঙলবাৰৰ দিনটোত আৰোগ্য লাভ কৰে ২,১৬৬ গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে মৃত্যু হয় ৮ গৰাকীকৈ লোক।

নতুনকৈ আক্ৰান্ত সকলৰ ভিতৰত ৭৯২ গৰাকী কামৰূপ মহানগৰৰ, ১৬০ গৰাকী ডিব্ৰুগড়ৰ, ১৪৬ গৰাকী যোৰহাট জিলাৰ আৰু ১১০ গৰাকী ধেমাজি জিলাৰ।
ৰাজ্যত বৰ্তমানলৈ কৰ’নাত আক্ৰান্ত হৈছে ১লাখ ৩০হাজাৰ ৮২৩ গৰাকী, সম্প্ৰতি চিকিৎসাধীন অৱস্থাত আছে ২৯,২০৩ গৰাকী। বৰ্তমানলৈ ৰাজ্যত সুস্থ হৈছে ১ লাখ ১হাজাৰ ২৩৯গৰাকী ৰোগীয়ে। ইয়াৰ বিপৰীতে ৰাজ্যত মৃত্যু হৈছে ৩৭৮ গৰাকী লোকৰ।
মঙলবাৰৰ দিনটোৰ ৰাজ্যৰ স্বাস্থ্য বিভাগে ৩৪,৪৬২গৰাকীকৈ লোকৰ স্বোৱাব পৰীক্ষাৰ কৰে। আৰু মঙলবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৭.৪৮ শতাংশ।