Local, Vocal, Global

প্ৰয়াত অভিনেতা উদয় শঙ্কৰ শইকীয়াৰ বাসগৃত অসম সাহিত্য সভাৰ নেতৃবৃন্দ

নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক ৰাজ্যখনৰ এগৰাকী বিশিষ্ট অভিনেতা, পৰিচালক, নাট্যকাৰ , ৰূপসজ্জাকাৰ উদয় শঙ্কৰ শইকীয়াৰ বিয়োগত অসম সাহিত্য সভা লগতে শোণিতপুৰ জিলা সাহিত্য সভাৰ নেতৃবৃন্দই তেখেতৰ ঘৰত উপস্থিত হয় ৷  অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক  যাদব চন্দ্ৰ শৰ্মা , কেন্দ্ৰীয় সদস্য সকলৰ লগতে জিলাখনৰ শাখা সাহিত্য সভাৰ সম্পাদক দুলাল নাথ , জিলাৰ সহকাৰী সম্পাদক অপূৰ্ব বৰা, সদস্য বিশ্বজিৎ শইকীয়াই অংশগ্ৰহণ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি প্ৰযাত অভিনেতা উদয শংকৰ শইকীয়ালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।