MGNREGAত বিত্তীয় খেলিমেলিৰ বাবে দুই গাণনিক বিষয়াক নিলম্বন

MGNREGAত বিত্তীয় খেলিমেলি
ৰৌতা আৰু ওদালগুৰি উন্নয়ন খণ্ডৰ গাণনিকক নিলম্বন
খণ্ড উন্নয়ন বিষয়া দুগৰাকীক কাৰণ দৰ্শোৱাৰ জাননী
মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চয় আঁচনি(MGNREGA)ৰ অধীনত আয়ুক্তৰ নিৰ্দেশনা অমান্য কৰি বিত্তীয় খেলিমেলি কৰাৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ওদালগুৰি জিলাৰ ৰৌতা আৰু ওদালগুৰি উন্নয়ন খণ্ডৰ গাণনিক বিষয়াক্ৰমে হৰেন্দ্ৰ কলিতা আৰু ছামিদ আলীক তৎকালীনভাৱে বলৱৎ হোৱাকৈ নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰিছে। আনহাতে এই বিত্তীয় খেলিমেলিৰ পৰিপেক্ষিতত ৰৌতা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া(BDO) ছোখেমলি বড়ো আৰু ওদালগুৰি খণ্ড উন্নয়ন বিষয়া (BDO) মদন বৰ্মনক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে।