Assam TET CUM Recruitment TEST :আজি অনুষ্ঠিত হৈছে TET CUM RECRUITMENT TEST

নিউজ ডেস্ক,১৯জানুৱাৰী : আজি অনুষ্ঠিত হৈছে TET CUM RECRUITMENT TEST ।
৯খন জিলাৰ ৫৭ টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হৈছে পৰীক্ষা।
পুৱা ৯ বজাৰ আৰম্ভ হৈছে টেট নিযুক্তি পৰীক্ষা(Assam TET CUM Recruitment TEST)।
সৰ্বমুঠ ৬৯,৫৮২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ল টেট নিযুক্তি পৰীক্ষাত।
স্নাতক পদৰ পৰীক্ষাত ৩৯,২২৪ গৰাকী প্ৰাৰ্থী আৰু স্নাতকোত্তৰ শিক্ষকৰ পদ পৰীক্ষা অৱতীৰ্ণ হ’ল ৩০,৩৫৮ গৰাকী প্ৰাৰ্থী।
দুপৰীয়া ১.৩০ বজাৰ পৰা আৰম্ভ হ’ব স্নাতকোত্তৰ শিক্ষকৰ পৰীক্ষা। স্নাতক শিক্ষকৰ বাবে ৯খন জিলাত ৫৭টা কেন্দ্ৰ স্থাপন কৰা হৈছে। আনহাতে স্নাতকোত্তৰ শিক্ষকৰ বাবে ৪৪টা কেন্দ্ৰ স্থাপন।
কাছাৰ, ডিব্ৰুগড়, যোৰহাট, কামৰূপ, কামৰূপ (মহানগৰ), লখিমপুৰ, নলবাৰী, শোণিতপুৰ অনুষ্ঠিত হৈছে পৰীক্ষা।