Local, Vocal, Global

Police detained Sikha Sharma: দিছপুৰ আৰক্ষীয়ে আটক কৰিলে শিখা শৰ্মাক

গুৱাহাটী, ১৬ জুন : সামাজিক মাধ্যম ফেচবুকত বিজেপি নেত্ৰী জোনালী নাথৰ সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত দিশপুৰ আৰক্ষীয়ে আটক কৰিছে শিখা শৰ্মাক ।

সামাজিত মাধ্যমত বিতৰ্কিত শিখা শৰ্মাই আপত্তিজনক মন্তব্য কৰাৰ বাবে দিছপুৰ আৰক্ষী থানাত শিখা শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল এক গোচৰ । সেই গোচৰৰ ভিত্তিতে বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ নিজা বাসগৃহৰ পৰা দিছপুৰ আৰক্ষীয়ে আটক কৰে শিখা শৰ্মাক ৷ প্ৰাপ্ত তথ্য অনুসৰি, যিকোনো মূহুৰ্ততে শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰিব পাৰে দিছপুৰ আৰক্ষীয়ে ।

পূৰ্বতেও বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰলৈ যাব লগা হৈছিল শিখা শৰ্মাই । শেহতীয়াকৈ শিখা শৰ্মাই সামাজিক মাধ্যম ফেচবুকত মৃত বিজেপি নেত্ৰী জোনালী নাথৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছিল । যাক লৈ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই ফেচবুক পোষ্টৰ পিচতে শিখা শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম মহিলা আয়োগ ৷ লগতে অসম মহিলা আয়োগে এই ফেচবুক পোষ্টৰ তদন্ত বিচাৰি পত্ৰ জৰিয়তে অসম আৰক্ষীক আবেদন জনাইছিল ।

অসম মহিলা আয়োগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছিল । পৰৱৰ্তী পৰ্যায়ত বৃহস্পতিবাৰে এই অভিযোগৰ তদন্ত কৰি ৩ দিনৰ ভিতৰত কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিচাৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ জাননী জাৰি কৰিছিল অসম মহিলা আয়োগৰ অধ্যক্ষ হেমপ্ৰভা বৰঠাকুৰে । আয়োগৰ দ্বাৰা প্ৰেৰিত এই জাননী ৰাজহুৱা হোৱাৰ পিছতে এই প্ৰসংগটোক লৈ বিভিন্ন প্ৰশ্নৰ উদ্বেগ ঘটা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, বিভিন্ন সভা সমিতি অথবা সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি চৰ্চাৰ শিৰোনাম দখল কৰি আহিছে শিখা শৰ্মাই।

লগতে পঢ়ক : Manipur violence :কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিঙৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ