Assam Police Day 2024 : আজি অসম আৰক্ষী দিৱস
নিউজ ডেস্ক,১অক্টোবৰ : আজি অসম আৰক্ষী দিৱস ৷ আই পি এছ বিষয়া কে আৰ চৌধুৰীৰ স্মৃতিত প্ৰতি বছৰৰ ১ অক্টোবৰত অসম আৰক্ষী দিৱস হিচাপে উদযাপন কৰা হয়। আই পি এছ বিষয়া কে আৰ চৌধুৰীয়ে ১৯৫১ চনৰ ১ অক্টোবৰত অসম আৰক্ষীৰ মুৰব্বীৰ দায়িত্ব গ্ৰহণ কৰিছিল(Assam Police Day 2024) ৷
তেতিয়াৰে পৰা এই দিনটোত অসম আৰক্ষীক কৃতজ্ঞতা প্ৰকাশৰ বাবে অসম আৰক্ষী দিৱস উদযাপন কৰি অহা হৈছে ।
উল্লেখ কৰা প্ৰয়োজন যে, ১৯২৯ ত চৈয়দ মহম্মদ ছাদুল্লাই অসম পুলিচৰ কমিটিখন গঠন কৰিছিল। কিন্তু ১৯৪৭ চনত দেশ স্বাধীন হোৱাৰ পাছত কমিটিখন কাৰ্যকৰী কৰা হয়। কিন্তু কেতবোৰ সিদ্ধান্ত পিছত অসম পুলিচতো ইয়াৰ প্ৰভাব পৰিছিল। অসমৰ ৰাইফলচ্ক অসম পুলিচৰ পৰা পৃথক কৰা হয়। স্বাধীনতাৰ সময়ত অসম পুলিচত ৮০০০ জন পুলিচ কৰ্মী আৰু ৩৩৫০ জন অফিচাৰ আছিল।
প্ৰতিবছৰে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰাৰ লগতে ৰাজ্যজুৰি অসম আৰক্ষীৰ গৌৰৱোজ্বল ইতিহাসক স্মৰণ কৰি উলহ-মালহেৰে অসম আৰক্ষী দিৱস উদযাপন কৰা হয়।
লগতে পঢ়ক : Drugs peddler arrested along with drugs : শিৱসাগৰত বিলাসী বাহনত জব্দ ২০লক্ষাধিক টকাৰ ড্ৰাগছ