Local, Vocal, Global

এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰ ভৱ কাকতি আৰক্ষীৰ জালত

বৰাকত গঢ় লৈ উঠা বিয়াগোম কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে অসম আৰক্ষীয়ে ৷ মেঘালয়ৰ কয়লা বৰাক উপত্যকাৰে বাংলাদেশ–ত্রিপুৰালৈ সৰবৰাহ কৰা ছিণ্ডিকেট চক্রটোৰ অন্যতম কাণ্ডাৰী কাৰি তাহেৰ আহমেদ আৰু পৰিবহণ বিভাগৰ দীঘৰখাল তালাচী চকীৰ এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰ ভৱ কাকতিক কাছাৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৷ লক্ষণীয়ভাৱে এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰ ভৱ কাকতিক যোৱা ১৮ অক্টোবৰত আটক কৰা হৈছিল৷ দীর্ঘসময় জেৰা কৰাৰ অন্তত আৰক্ষীয়ে এনফ’ৰ্চমেণ্ট ইন্সপেক্টৰজনক গ্রেপ্তাৰ কৰে ৷ ইয়াৰ পূর্বেই কুখ্যাত কয়লা মাফিয়া কাৰি তাহেৰ আহমেদক গ্রেপ্তাৰ কৰা হৈছিল ৷ কয়লা মাফিয়া কাৰি তাহেৰ আহমেদক গ্রেপ্তাৰৰ পাছতে ক’লা হীৰাৰ অবৈধ বেহাৰ বহু বিস্ফোৰক তথা পোহৰলৈ আহিছে ৷

ইতিমধ্যে দুয়োজনকে গ্রেপ্তাৰ কৰাৰ কথা নিশ্চিত কৰিছে কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰে৷ উল্লেখ্য যে শেহতীয়াকৈ ছিণ্ডিকেট চক্রই বৰাক উপত্যকাৰ মাজেৰে ত্রিপুৰা আৰু বাংলাদেশলৈ মেঘালয়ৰ কয়লাৰ অবৈধ সৰবৰাহ আৰম্ভ কৰিছিল ৷ ভুৱা চালানেৰে কৰফাঁকি দিয়াৰ সমান্তৰালভাৱে ছিণ্ডিকেট চক্রটোৱে নির্ধাৰিত পৰিমাণতকৈ যথেষ্ট বেছি পৰিমাণে অবৈধভাৱে কয়লা সৰবৰাহ কৰাৰ ফলত ৰাজ্য চৰকাৰে হেৰুৱাবলগীয়া হৈছিল বৃহৎ পৰিমাণৰ ৰাজহ৷ এই ছিণ্ডিকেট চক্রটোৰ সৈতে আৰক্ষীৰ লগতে দীঘৰখাল তালাচী চকীত থকা পৰিবহণ বিভাগ আৰু জি এছ টিৰ একাংশ বিষয়া–কর্মচাৰীও জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হয় ৷

ইয়াৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই অভিযোগক গুৰুত্ব সহকাৰে লৈ শেহতীয়া শিলচৰ ভ্রমণসূচীৰ সময়ত কাছাৰ জিলা আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰক কয়লা ছিণ্ডিকেট চক্রৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ কঠোৰ নির্দেশ দিয়ে ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ এই নির্দেশৰ পাছতেই কাছাৰ আৰক্ষীয়ে কয়লা ছিণ্ডিকেট চক্রৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তোলে ৷ আৰক্ষীৰ অভিযানত ত্রস্তমান হৈ ছিণ্ডিকেট চক্রটোৰে জড়িত একাংশই ইতিমধ্যে আত্মগোপন কৰিছে যদিও কুখ্যাত কয়লা মাফিয়া কাৰি তাহেৰ আহমেদক জালত পেলাবলৈ সক্ষম হয় ৷ সমান্তৰালভাৱে জেৰাৰ বাবে আটক কৰে এনফ’চমেণ্ট ইন্সপেক্টৰ ভৱ কাকতিক৷ অৱশেষত আৰক্ষীয়ে ছিণ্ডিকেট চক্রটোৰ পৰা বৃহৎ হাৰত কমিছন সংগ্রহৰ অভিযোগ থকা এনফ’চমেণ্ট ইন্সপেক্টৰ ভৱ কাকতিকো গ্রেপ্তাৰ কৰে ৷ আৰক্ষীৰ এক শীর্ষ সূত্রই জানিবলৈ দিয়া মতে, ছিণ্ডিকেট চক্রটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে ৷ শীঘ্রে আন বহুকেইজন কয়লা মাফিয়া জালত পৰাৰ সম্ভাৱনা প্রকট৷ ইফালে ধৃত এনফ’চমেণ্ট ইন্সপেক্টৰ ভৱ কাকতি আৰু কাটিগড়াৰ বাসিন্দা কয়লা মাফিয়া কাৰি তাহেৰ আহমেদক আৰক্ষীয়ে আজি শিলচৰৰ আদালতত হাজিৰ কৰোৱায় ৷