প্ৰসংগঃ SI লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল

এছ আই প্ৰশ্নকাকত ফাদিলক লৈ সৰৱ হৈছে ৰাজ্যৰ আৰক্ষী-চিআইডি৷ জালত পৰিছে ইজনৰ পৰা সিজন অভিযুক্ত৷ বৰ্তমানলৈ আৰক্ষীৰ জালত ১৩জনকৈ অভিযুক্ত৷ কিন্তু লক্ষ্যণীয়ভাৱে বৰ্তমানেও পলাতক মূল অভিযুক্ত পি কে দত্ত৷ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত নিতৌ ফাদিল হৈছে ন-ন তথ্য৷ এপিএছচি কেলেংকাৰিতকৈ কোনোগুণে কম নহয় এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰি৷
কিন্তু ক’ত আছে মূল অভিযুক্ত পি কে দত্ত? বৰ্তমানেও আৰক্ষীৰ হাতত নাই কোনো সঠিক তথ্য৷ একাংশৰ মতে পি কে দত্ত দিল্লীত আছে, কিন্তু একাংশৰ মতে আছে নেপালত৷ আৰক্ষীয়ে প্ৰতিমুহূৰ্তত অধিক জোৰদাৰ কৰি গৈ আছে তদন্ত৷
আৰক্ষীৰ তদন্তৰ আওতাত আহিছে নামি-দামী হোটেলৰ লগতে চিকিৎসালয়ৰো নাম৷ শুকুৰবাৰে আৰক্ষী-ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছিল মহানগৰীৰ এপ’ল’ হাস্পতালত৷ আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত হাস্পতালৰ পৰা এটা বিশেষ পেনড্ৰাইভ আৰু এটা লেপটপ জব্দ কৰিবলৈ সক্ষম হৈছে৷
ইয়াৰ পূৰ্বে দিনৰ ভাগত আৰক্ষীয়ে ডিব্ৰুগড়ৰ পি কে দত্তৰ শহুৰেকৰ ঘৰত অভিযান চলাইছিল৷ আৰু নলবাৰীতো আৰক্ষীয়ে চলাইছিল অভিযান৷ নলবাৰীৰ পৰা আৰক্ষীয়ে কুলদীপ ডেকা নামৰ এজনক আটক কৰিছে৷
শুকুৰবাৰে নিশা মহানগৰীৰ চাৰি ঠাইত চলিছিল আৰক্ষীৰ জোৰদাৰ অভিযান৷ শুকুৰবাৰে নিশা থেংক ইউ ল’জ, হোটেল ভাৰ্গৱ গ্ৰেণ্ড, জটিয়াৰ কৃষ্ণা এপার্টমেণ্ট আৰু চচলৰ দ্বিবন ডেকাৰ বাসগৃহত চলিছিল অভিযান৷ দ্বিবন ডেকাৰ পত্নীৰ পৰা আৰক্ষীয়ে জব্দ কৰে এটা লেপটপ৷ সন্ধিয়ালৈ আৰক্ষী-ক্ৰাইম ব্ৰান্সে দ্বিবন ডেকাৰ কাহিলীপাৰাৰ জটিয়াস্থিত বাসগৃহতো অভিযান চলায়৷
যিমানে সময় বাগৰিছে সিমানেই ন-ন মানুহৰ নাম সাঙোৰ খোৱাৰ লগতে পোহৰলৈ আহিছে ন-ন ভয়ংকৰ তথ্য৷ আজিও আৰক্ষীয়ে তিনিচুকীয়াৰ পৰা আটক কৰিছে পলাতক জয়দেৱ বৰুৱা নামৰ এজন যুৱকক। সম্প্ৰতি তিনিচুকীয়া থানাতে সোধপোচ অব্যাহত ৰাখিছে জয়দেৱ বৰুৱাৰ। আনহাতে আৰক্ষীয়ে হোটেল ভাৰ্গৱত বৃহত্ পৰিমানৰ ধনৰ লুকুৱাই ৰখাৰ সন্দেহ প্ৰকাশ কৰিছে।