Local, Vocal, Global

গোৱালপাৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ

বকেয়া মাননী আদায়ৰ দাবীত গোৱালপাৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ। সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ গোৱালপাৰা জিলা সমিতিৰ কৰ্মকৰ্তাসকলে চহৰৰ হাছিলা বাছ আস্থানৰ সমীপত হাতে হাতে প্লেকাৰ্ড-বেনাৰ লৈ চৰকাৰবিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে। প্ৰতিবাদকাৰীসকলে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ মাহিলী মজুৰি ক’মেও ২১ হেজাৰ টকা নিৰ্ধাৰণ কৰক, সকলো বকেয়া মাননী শীঘ্ৰে আদায় দিয়াৰ ব্যৱস্থা কৰক, আঁচনি কৰ্মীক চৰকাৰী কৰ্মচাৰী হিচাপে স্বীকৃতি দিয়ক, আঁচনি কৰ্মীৰ বাবে ১০ হেজাৰ টকা মাহিলী পেঞ্চন ধার্য কৰক, স্বাস্থ্য, পৰিপুষ্টি আৰু শিক্ষাৰ দৰে বুনিয়াদী সেৱা ব্যক্তিগতকৰণ নচলিব, আয়কৰৰ পৰিসৰৰ বাহিৰৰ প্ৰতিটো পৰিয়ালক মাহে ৭৫০০ টকাকৈ নগদ ধন দিয়ক, আঁচনিসমূহৰ বাবে বাজেটত ধনৰ পৰিমাণ বৃদ্ধি কৰক, সকলোৰে বাবে স্বাস্থ্যসেৱা বিনামূলীয়া কৰক, ৰন্ধনকৰ্মীৰ বাবে ৰাজ্যিক বাজেটত ধার্য কৰা অতিৰিক্ত ৫০০ টকা মাননী শীঘ্ৰে আদায় দিয়ক আদি শ্লগানেৰে উত্তাল কৰি তোলে।