Local, Vocal, Global

Assam man Goes Missing In Kolkata : বহি:ৰাজ্যত সন্ধানহীন বাক্সাৰ আব্দুল ৰহিম

নিউজ ডেস্ক,৩আগষ্ট : পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ লোক।

কামৰ সন্ধানত প্ৰতিবছৰে অসমৰ পৰা বহু যুৱক-যুৱতী অসমৰ বাহিৰলৈ ওলাই যায় ৷ কামৰ সন্ধানত বহি:ৰাজ্যলৈ ওলাই যায় অসমৰ যুৱক যুৱতী।

ভাৰতৰ প্ৰায় প্ৰতিখন ৰাজ্যতে ভৰি আছে অসমৰ যুৱক-যুৱতীৰে ৷ স্বাৱলম্বী হৈ নিজৰ লগতে পৰিয়াল পোহপাল দিয়াৰ মানসেৰে ওলাই যোৱা বহু অসমীয়াই কিন্তু ৰাজ্যৰ বাহিৰত প্ৰাণ হেৰুওৱাৰ কাহিনীও আমি প্ৰায়ে শুনিবলৈ পাওঁ৷ উপযুক্ত কৰ্মসংস্থাপনৰ অভাৱত অসমৰ হাজাৰ হাজাৰ নিৱনুৱাই কৰ্মসংস্থাপন বিচাৰি কেৰেলা, বাঙ্গালুৰু, হায়দৰাবাদ, চেন্নাই আদি বহিঃৰাজ্যলৈ ঢাপলি মেলে । ইতিমধ্যে দেশৰ বিভিন্ন স্থানত অসমৰ হাজাৰ হাজাৰ যুৱক শ্ৰমিক হিচাপে কৰ্মৰত হৈ আছে(Assam man Goes Missing In Kolkata)।

কিন্তু বহিঃৰাজ্যত কৰ্মৰত হৈ থকা অসমীয়া লোক নিৰাপত্তাহীনতাত ভোগা দেখিবলৈ পোৱা গৈছে। প্ৰতিদিনে বহিঃৰাজ্যত কৰ্মৰত যুৱক-যুৱতী ৰহস্যজনকভাৱে নিখোঁজ, মৃত্যু হোৱাৰ খবৰে ইয়াক অধিক দৃঢ় কৰি তুলিছে৷

প্ৰায়েই সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰা দেখা যায় এনে ঘটনাসমূহে । বৰ্ণবৈষম্যকে ধৰি বিভিন্ন কাৰণত অসমীয়া ব্যক্তি সন্ধানহীন হোৱাৰ লগতে বহি:ৰাজ্যত অসমীয়াক হত্যা কৰাৰ ঘটনা আজিকালি দৈনিক দৃশ্যমান ৷ ইয়াৰ সমান্তৰালকৈ পুনৰ পোহৰলৈ আহিছে আন এক ঘটনা।

পুনৰ বহিঃৰাজ্যত সন্ধানহীন অসমৰ লোক । এইবাৰ বাক্সা জিলা শিমলাঝাৰ গাঁৱৰ ৪৩ বছৰীয়া এগৰাকী যুৱক সন্ধানহীন ।

জানিব পৰা মতে, বৰপেটাৰোড হাউলি মাজমজিয়া বি এইচ মহাবিদ্যালয়ৰ সমীপৰ শিমলাঝাৰ গাঁৱৰ ৰিয়াজ উদ্দিনৰ পুত্ৰ আব্দুল ৰহিম (৪৩ ) কৰ্মসূত্ৰে কলকতা শিলিগুৰিত চালক হিচাপে কাম কৰিবলৈ গৈছিল ।

আব্দুল ৰহিমে শিলুগুৰীৰ পৰা ৰে’ল যোগে ঘৰ অভিমুখে ৰাওনা কৰিছিল। আব্দুল ৰহিমে উভতি অহাৰ সময়ত ঘৰৰ পৰিয়ালৰ লগত ফোন যোগে যোগাযোগ কৰিছিল । আব্দুল ৰহিমে পৰিয়ালৰ লগত শুকুৰবাৰে সন্ধিয়া ৭:০০ বজাত শেষৰ বাৰৰ বাবে যোগাযোগ কৰিছিল।

ফোনযোগে আব্দুল ৰহিমে বঙাইগাও ৰে’ল ষ্টেচন পাইছে বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল । সন্ধিয়া ৭:০০ বজাৰ পিছৰ পৰা আব্দুল ৰহিমৰ মোবাইল ফোন অফ হৈ আছে। ১২ ঘণ্টা উকলি যোৱাৰ পিছতো ঘৰ নাপালে আব্দুল ৰহিমে ।

পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে । কান্দোনত ভাঙি পৰিছে পৰিয়ালৰ লোক। কোনো সদাসয় ব্যক্তিয়ে আব্দুল ৰহিমক সন্ধান পালে 6001243068 / 7002265696 ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক : Deepika Kumari enters archery quarterfinals : পেৰিচ অলিম্পিকত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ দীপিকা কুমাৰীৰ