Local, Vocal, Global

ভয়াবহ ভৱিষ্যতৰ দিশে অসম…

ভয়াবহ ভৱিষ্যতৰ দিশে আগবঢ়িছে নেকি অসম? দিনক দিনে ৰাজ্যত হ্ৰাস পাইছে বৰষুণৰ পৰিমাণ ৷
জানিব পৰা মতে ৭৬ শতাংশ হ্ৰাস পাইছে বৰষুণৰ পৰিমান৷
বতৰৰ অস্বাভাৱিক পৰিবৰ্তনে এতিয়া ভয়াবহ ভৱিষ্যতৰ ইংগিত বহন কৰিছে ৰাজ্যবাসীলৈ। গোলকীয় উষ্ণতাই সমগ্ৰ বিশ্বৰ পৰিৱেশ-পৰিস্থিতিত অতিকৈ প্ৰভাৱ পেলোৱাৰ সমান্তৰাল ভাৱে অসমতো উদ্বেগজনকভাৱে বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে। যাৰ ফলত গুৱাহাটী মহানগৰীত বৰ্তমান দেখা গৈছে ভয়াবহ পৰিস্থিতি৷
কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অসমত বৰষুণৰ পৰিমাণ ৭৬ শতাংশ হ্ৰাস পাইছে। জানুৱাৰী-ফেব্ৰুৱাৰী মাহত সাধাৰণতে যিমান বৃষ্টিপাত হ’ব লাগে তাতকৈ প্ৰায় ৭৬ শতাংশ কম হৈছে বৰষুণ পৰিমাণ।
অসমৰ কেইবাখনো ৰাজ্যত বৰষুণৰ পৰিমাণ ১০০ শতাংশ হ্ৰাস পাইছে বুলি জানিব পৰা গৈছে । কেৱল অসম বুলিয়েই নহয়, অৰুণাচল প্ৰদেশত , মণিপুৰত , মেঘালয়তো হ্ৰাস পাই আহিছে বৰষুনৰ পৰিমাণ
১ জানুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ অসমত হোৱা বৰষুণৰ পৰিমাণ ৫ মিলিলিটাৰ বুলি জানিব পৰা গৈছে। বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ লগে লগে ৰাজ্যখনত বিভিন্ন সমস্যাই দেখা পোৱা গৈছে । কেৱল ইমানেই নহয়, কম বৰষুণৰ ফলত বৰ্তমান খেতি-বাতিটো বিৰূপ প্ৰভাৱ পৰিছে বুলি জানিব পৰা গৈছে৷