Local, Vocal, Global

দুই শত্ৰু বিৰুদ্ধে যুঁজ ৰাজ্যবাসীৰ

কৰ’নাৰ সমান্তৰালকৈ ৰাজ্যত বানৰ তাণ্ডৱ। কৰ’নাত কৈ অধিক ভয়ংকৰ হৈ পৰিছে ৰাজ্যৰ বান পৰিস্থিতি। এফালে প্ৰতি বছৰে জুৰুলা কৰা সংহাৰী বান আনফালে আজান শত্ৰু বিপক্ষে যুজ দিব লগা হৈছে ৰাজ্যবাসী। বছৰতোৰ তৃতীয় বানত কবলত সমগ্ৰ ৰাজ্য। ৰাজ্যৰ ২৬খন জিলাই বৰ্তমানৰ বানৰ কবলত। বৰ্তমানলৈ ৰাজ্যৰ ভয়ংকৰ বানত মৃত্যু হৈছে ৮৯ গৰাকী লোক, ১২০ টাকৈ বন্যপ্ৰাণী, ১৫ টাকৈ ঘৰচীয়া জন্তুৰ লগতে ৫৫ লাখ লোক আক্ৰান্ত হৈছে। বৰ্তমানলৈ ৰাজ্যত ২৮১ টা আশ্ৰয় শিৱিৰত বৰ্তমানেও ৪৫,২৮১ হাজাৰ লোক আছে।

ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাৰো বান পৰিস্থিতি অবৰ্ণনীয়। ৰাষ্ট্ৰীয় উদ্যানখন ৯০% অঞ্চলে সম্প্ৰতি বানৰ কবলত। ভয়ংকৰ বানে কাজিৰঙাৰ বন্যপ্ৰাণীলৈ নামি আহিছে তীব্ৰ শংকা।