খোৱাং বুঢ়ীদিহিং নদীৰ বাঢ়নি পানীয়ে প্লাৱিত কৰিছে মইনাগাঁৱকে ধৰি বহুকেইখন গাঁও। ক’ৰনা আতংকৰ মাজতে ৰাজ্যত প্ৰথমটো বাঢ়নি পানীত বহু পৰিয়ালে ভেটি-মাটি হেৰুৱাই সৰ্বস্বান্ত হৈছিল । পুনৰ দ্বিতীয়টো বানত খোৱাং অঞ্চলৰ বহুকেইখন গাঁও জলমগ্ন হয়৷ ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত হালধীবাৰী মইনা গাঁৱত বুঢ়ীদিহিঙৰ বাঢ়নি পানীয়ে সৃষ্টি কৰিছে অভাৱনীয় পৰিস্থিতি ৷ বিশেষকৈ খোৱাং দলনিকুৰৰ পৰা হালধীবাৰী মইনাগাঁৱলৈকে বুঢ়ীদিহিঙৰ কাষেৰে থকা ৰিং বান্ধৰ প্ৰায় চাৰিশ মিটাৰ বানে উটুৱাই নিয়াৰ ফলত জলমগ্ন হৈ পৰিছে গাঁওখনৰ বহু বাসগৃহ, বিস্তীৰ্ণ কৃষিভূমি ৷ বৰ্তমানো বানত বুৰ গৈ আছে গাঁৱৰ মূল পথ ৷ বান সাহায্য় হিচাপে মঙলবাৰে সামান্য পৰিমানৰ খাদ্য-সামগ্ৰী বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ বিতৰন কৰা হৈছে যদিও পশুধনৰ বাবে একোৱেই ব্যৱস্থা কৰা হোৱা নাই । পশুখাদ্যৰ অভাৱনীয় সমস্যাই দেখা দিছে গাঁওখনত ৷ বিগত বৰ্ষত বানৰ সময়ত অঞ্চলটোত উপস্থিত হোৱা মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৰিংবান্ধ নিৰ্মাণৰ লগতে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছিল যদিও পৰৱৰ্তী সময়ত কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ বাবেই এনে অভাৱনীয় পৰিস্থিতিৰ সমূখীন হোৱাৰ অভিযোগ কৰিছে অঞ্চলটোৰ ৰাইজে ৷