Local, Vocal, Global

অসাৰ হ’ল নেকি চৰকাৰৰ প্ৰতিশ্ৰুতি ?

বানত ডুবি মৃত্যু হোৱা লোকৰ আত্মীয়লৈ তৎকালীনভাৱে ৰাজ্য চৰকাৰে ৪ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াব বুলি দিয়া প্ৰতিশ্ৰুতি অসাৰ হ’ল জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টি কলিয়াবৰত ৷ ১১ জুলাইত ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে উটুৱাই নিছিল চামধৰা গাওঁৰ দীপক শইকীয়া নামৰ যুৱকজনক। এছডিআৰঅফৰ জোৱানে উদ্ধাৰ কৰিছিল দীপকৰ মৃতদেহ।  বানত আক্ৰান্ত দুৰ্ভগীয়া পৰিয়ালটোৱে আজিলৈকে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য । পৰিয়ালটোৰ কাষত এই পৰ্যন্ত উপস্থিত হোৱা নাই কোনো চৰকাৰী প্ৰতিনিধি, প্ৰশাসনৰ লোক। অৱশ্যে স্থানীয় বিধায়ক হিচাবে জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰি ব্যক্তিগতভাৱে সাহায্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷