Local, Vocal, Global

ধুবুৰীত পশু খাদ্য কেলেংকাৰী

ধুবুৰী জিলাৰ চিৰাকুটি গাওঁ পঞ্চায়তত পশু খাদ্য কেলেংকাৰি

সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে পশু খাদ্য বিক্ৰীৰ অভিযোগ

ধুবুৰী জিলাৰ দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ অন্তৰ্গত চিৰাকুটি গাওঁ পঞ্চায়তৰ সভাপতি আৰু সম্পাদকৰ বিৰুদ্ধে বানাক্ৰান্তৰ সাহায্যৰ নামত চৰকাৰে যোগান দিয়া পশু খাদ্য বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হোৱা ঘটনাই সমগ্ৰ অঞ্চলৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে চিৰাকুটি গাওঁ পঞ্চায়তৰ ৰাইজক বান সাহায্য যোগানৰ নামত ধুবুৰী জিলাৰ উপায়ুক্তই ১৬জুলাই তাৰিখে এক নিৰ্দেশনাযোগে ৬৩৩৩টা পশুধনৰ তিনিদিনৰ আহাৰৰ বাবে ৩০৫ কুইণ্টল ৪ কিলোগ্ৰাম পশু খাদ্য যোগান ধৰিছিল। কিন্তু পঞ্চায়তটোৰ সভানেত্ৰী নাৰজীনা খাতুনৰ স্বামী আজিবৰ ৰহমান আৰু সম্পাদক সামছুল হকে ২৬০ কুইণ্টল পশু খাদ্য বানাক্ৰান্ত ৰাইজক যোগান ধৰাৰ বাবে আনি বাকী ৪৫ কুইণ্টল ৪ কিলোগ্ৰাম পশু খাদ্য ধুবুৰীতেই বিক্ৰী কৰি অহা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। আনকি এই সন্দৰ্ভত স্থানীয় ৰাইজৰ লগতে স্থানীয় জলেশ্বৰ সমষ্টিৰ বিধায়ক চাহাবউদ্দিন আহমেদে চিৰাকুটি উন্নয়ন খণ্ডৰ খণ্ড বিষয়াক অভিযোগ কৰা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত চিৰাকুটি খণ্ড উন্নয়ন বিষয়াগৰাকীয়ে পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে৷ আনহাতে চিৰাকুটি গাওঁ পঞ্চায়তলৈ পশু খাদ্য কঢ়িয়াই অনা নাৱৰীয়াই ২৬০ কুইণ্টল পশু খাদ্য কৰিয়াই অনা বুলি স্বীকাৰ কৰে৷