ৰাণীৰ ব্যৱসায়ী সন্থাৰ ব্যতিক্ৰমী পদক্ষেপ
মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা অসম মেঘালয় সীমান্তৱৰ্তী ৰাণীৰ জিৰাং ব্যৱসায়ী সন্থাৰ এক প্ৰশংসনীয় পদক্ষেপ। বানে বিধস্ত কৰা পৱিতৰা অভয়াৰণ্যত খাদ্য সংকটত ভুগি থকা জীৱ-জন্তুৰ বাবে সেউজীয়া ঘাঁহ লৈ ৰাওনা হ’ল ৰাণীৰ ব্যৱসায়ীসকল। ৰবিবাৰে পুৱা চাৰিখনকৈ ডাম্পাৰত সেউজীয়া ঘাঁহ লৈ গ’ল পৱিতৰালৈ।
আনহাতে কাজিৰঙা অভয়াৰণ্যলৈ পৰৱৰ্তী সময়ত খাদ্য সামগ্ৰী লৈ যোৱাৰ চিন্তা-চৰ্চা কৰিছে। আৰক্ষী আৰু বন বিভাগৰ সহযোগত ব্যৱসায়ীসকলে হাতত লোৱা পদক্ষেপক আদৰণি জনাইছে বিভিন্ন মহলে।