Local, Vocal, Global

ওদালগুৰিত বানৰ সংহাৰী ৰূপ।গলণ্ডী নদীয়ে খহাই নিলে নিৰ্মীয়মান দলঙৰ বৃহৎ অংশ

56

ৰাজ্যত শাওনমহীয়া বানৰ তাণ্ডৱ। সমগ্ৰ অসমৰ লগতে ওদালগুৰিতো বানৰ তাণ্ডৱ। ওদালগুৰিৰ কাহিবাৰীৰ বেকী গাঁৱত গলণ্ডী নদীৰ বাঢ়নী পানীয়ে দলঙৰ সমীপৰ পথৰ বৃহৎ অংশ খহাই নিয়াৰ ফলত যাতায়তৰ ক্ষেত্ৰত ব্যাপক বাধাৰ সৃষ্টি হৈছে। কেইবাদিনো ধৰি বন্ধ হৈ আছে পথৰ যাতায়ত। ফলত ব্যাপক অসুবিধাৰ সৃষ্টি হৈছে স্থানীয় ৰাইজৰ মাজত। কিন্তু ইয়াৰ মাজতেই একাংশই সেই নদীৰে কৰিছে বিপদ সংকুলভাৱে যাত্ৰা। ইফালে নদীখনৰ খহনীয়াই বিপদ কঢ়িয়াই আনিছে নিৰ্মীয়মান দলং খনলৈও। অতি  শীঘ্ৰে দলং অৰু পথটোৰ কাম সম্পুৰ্ণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে। নিৰ্মীয়মান অৱস্থাত আছে দলং আৰু পথটোৰ কাম।