Local, Vocal, Global

অসমত মুঠ ৩৬ গৰাকী শিক্ষকৰ বিপদঘণ্টা

BTRৰ ৩৬ গৰাকী শিক্ষকৰ বিপদঘণ্টা, ৰাজ্যৰ অন্য প্ৰান্ততো জালিয়াতিৰ আশংকা CID য়ে শেহতীয়াকৈ ভুৱা TET উত্তীৰ্ণৰ প্ৰমাণপত্ৰৰে চাকৰি লোৱা ২১জন প্ৰৱঞ্চক শিক্ষকক গ্ৰেপ্তাৰ কৰিছে।শিক্ষকতাৰ দৰে মহান বৃত্তিৰ নিযুক্তি কলুষিত কৰা শিক্ষকৰ অধিকাংশই BTR ৰ। BTR ৰ ৫২জনকৈ ভুৱা শিক্ষকে বক্ৰ পঠেৰে চাকৰি লোৱাৰ অভিযোগ লাভ কৰাৰ পিছত মুখ্যমন্ত্ৰী HIMANTA BISHWA SARMAH নিৰ্দেশমতে চিআইডিয়ে ভাৰতীয় দণ্ডবিধিৰ ১২০(B), ৪২০. ৪৬৭, ৪৬৮ আৰু ৪৭১ ধাৰাৰ অধীনত ১০/২০২১ গোচৰ ৰুজু কৰে। প্ৰাথমিক তদন্তত মুঠ ৩৬জনে ভুৱা প্ৰমাণপত্ৰৰে চাকৰি লাভ কৰাৰ তথ্য হাতত পৰে।

তেসেত সকলে ভুৱা প্ৰমাণপত্ৰৰ সৈতে আৱেদন কৰিছিল BTR ৰ  শিক্ষা সঞ্চালকালয়ত।CID য়ে পৰৱৰ্তী সময়ত SEBA ৰ সৈতে যোগাযোগ কৰাৰ পিছতে জোলোঙাৰ মেকুৰী ওলাই পৰে, তাৰ পিছতে আনুষ্ঠানিক গোচৰ ৰুজু কৰি  তদন্ত চলায় CID য়ে।

এইপৰ্যন্ত মুঠ ২১জন ভুৱা শিক্ষকক CID য়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তামুলপুৰৰ ১০জন, হাজোৰ ৬জন, ছয়গাওঁৰ ১জন, মাটিয়াৰ ২জন, চিৰাঙৰ এগৰাকী শিক্ষয়িত্ৰী থকাৰ কথা প্ৰকাশ পায়। CID ৰ আনুষ্ঠানিক বিবৃতি এতিয়াও ৰাজহুৱা হোৱা নাই। ইতিমধ্যে অভিযুক্তসকলক CID য়ে তিনিদিনৰ বাবে জিম্মাত লৈছে।

 

জালিয়াতি কেনেকৈ কৰিছিল

CID য়ে প্ৰকাশ কৰা মতে ভুৱা শিক্ষকসকলৰ জালিয়াতি ইমানেই নিখুঁট যে তাক সহজে ধৰিব পৰা নাযায়। অনুসন্ধানত ওলায় যে এইসকল শিক্ষকে চৰকাৰে আয়োজন কৰা টেটত অনুত্তীৰ্ণ হৈছিল। কিন্তু পৰৱৰ্তী সময়ত এইসকলে প্ৰমাণ পত্ৰত ভুৱা ৰোল নম্বৰ সন্নিবিষ্ট কৰি অথবা আন টেট উত্তীৰ্ণ প্ৰাৰ্থীৰ ৰোল নম্বৰ সন্নিবিষ্ট কৰি TET উত্তীৰ্ণৰ ভুৱা প্ৰমাণপত্ৰ প্ৰস্তুত কৰিছিল। এনেদৰে তেওঁলোকে শিক্ষক পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল। ইতিমধ্যে চিআইডিয়ে এই সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ তদন্তকাৰী গোট গঠন কৰিছে।

তদন্তকাৰী সংস্থাটোৱে আশংকা কৰা মতে কেৱল BTR ৰ এলেকাতেই নহয় ৰাজ্যৰ আন প্ৰান্ততো এনেধৰণে ভুৱা শিক্ষক নিযুক্তিৰ তথ্য পোৱাৰ সম্ভাৱনা আছে।