Local, Vocal, Global

কণ্টেইমেণ্ট জ’নত বন্যহস্তীৰ তাণ্ডৱ

কৰ’না আতংকৰ মাজতে নুমলীগড়ৰ কণ্টেইমেণ্ট জ’নত বন্যহস্তীৰ সন্ত্ৰাস। ভূতৰ ওপৰত দানহ পৰাদি নুমলীগড়ৰ বিহৰা বজাৰৰ কণ্টেইমেণ্ট জ’নত থকা এটা পৰিয়ালৰ ওপৰত বন্যহস্তীৰ আক্ৰমণ। বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত টিংকু ঘোষ নামৰ এজন যুৱক। কিছুদিন পূৰ্বে পৰিয়ালৰ এজন সদস্য ক’ভিড পজিটিভ হোৱাত বাসগৃহটো কণ্টেইমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছিল। ফলত উক্ত দৰিদ্ৰ পৰিয়ালটোক হোম কোৱাৰেণ্টীনত থাকিবলৈ নিৰ্দেশ দিছিল প্ৰশাসনে। কিন্তু আজি পুৱতি নিশা এটা বন্যহস্তীৰ জাকৰ মাজৰ পৰা ওলাই অহা দুটা হাতীয়ে টিংকু ঘোষৰ পৰিয়ালৰ বাসগৃহত প্ৰৱেশ কৰে। হাতীৰ জাকটোৱে টিংকু ঘোষ আৰু ভায়েক প্ৰবীণ ঘোষক আক্ৰমণ কৰে। হাতীৰ আক্ৰমণত কথমপি প্ৰাণৰক্ষা পৰে পৰিয়ালটোৰ আন সদস্যসকলৰ।

একে সময়তে নুমলীগড়ৰ বিহৰা চাহ বাগিচাৰ কেইবাটাও লাইনত আজি কেইবাদিন ধৰি পোৱালিসহ বন্যহস্তীৰ জাকটোৱে উপদ্ৰৱ চলাই বহুকেইটা বাসগৃহ লণ্ডভণ্ড কৰে। কিন্তু সকলো কথা জ্ঞাত হোৱাৰ পিছতো নুমলীগড় বন বিভাগে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।