ৰাজ্যত প্ৰতিদিনে উদ্দেগজনক হাৰত বৃদ্ধি পাইছে কৰ’না ভাইৰাছৰ সংক্ৰমণ | মহানগৰীতো অব্যাহত কৰ’নাৰ ভয়াৱহ সংক্ৰমণ | ১৯ হাজাৰ অতিক্ৰম কৰিলে অসমত কৰ’নাত আক্ৰান্তৰ সংখ্যাই | ১২ হাজাৰ অতিক্ৰম কৰিলে ৰাজ্যত সুস্থ হোৱা ৰোগীৰ সংখ্যাই |ৰাজ্যত বুধবাৰৰ দিনতো আক্ৰান্ত ১০৮৮ গৰাকী | কৰ’নাৰ ৰম্যভুমিত পৰিণত গুৱাহাটীত বুধবাৰৰ দিনটোত আক্ৰান্ত ৬৪৯ গৰাকী | ৰাজ্যত ১৯৭৫৪ গৰাকীলৈ বৃদ্ধি কৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা | ৰাজ্যত বৰ্তমানলৈ সুস্থ হোৱা ৰোগীৰ সংখ্যা ১২৮৮৮ গৰাকী | ৰাজ্যত বৰ্তমান ৬৮১৫ গৰাকী ৰোগী চিকিৎসাধীন | চৰকাৰী তথ্যমতে ৰাজ্যত মৃতৰোগীৰ সংখ্যা ৪৮ গৰাকী |