Local, Vocal, Global

২৪ ঘন্টাত ৰাজ্যত কৰ’নাত আক্ৰান্ত দুই সহস্ৰাধিক

ৰাজ্যত প্ৰতিদিনে অভাৱনীয় হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ

বৃহস্পতিবাৰে ৰাজ্যত পুনৰ কৰ’নাত আক্ৰান্ত  ২১১২ গৰাকী। নতুনকৈ আক্ৰান্ত ২৮৩ গৰাকী গুৱাহাটী মহানগৰৰ , ২১১ গৰাকী নগাঁৱৰ, ২১০ গৰাকী কামৰূপ (গ্ৰাম্য)ৰ, শোণিতপুৰৰ।বৃহস্পতিবাৰে ৰাজ্যত ১২৪৮ গৰাকী ৰোগী আৰোগ্য লাভ কৰি ঘৰলৈ উভতে। বিগত এসপ্তাহত ৰাজ্যত কৰ’নাত আক্ৰান্ত হৈছে প্ৰায় ১০ সহস্ৰাধিক লোক।

২৯ হাজাৰ অতিক্ৰম ৰাজ্যত আৰোগ্য ৰোগীৰ সংখ্যা 

ৰাজ্যত বৰ্তমানলৈ আক্ৰান্ত ৰোগী ৩৮,৪০৭ গৰাকী। ৰাজ্যত বৰ্তমানলৈ আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা ২৯,০৮০ গৰাকী। বৰ্তমান ৰাজ্যত ৯,২৩০ গৰাকী ৰোগী চিকিৎসাধীন অৱস্থাত আছে। চৰকাৰী তথ্য মতে অসমত বৰ্তমানলৈ ৯৪ গৰাকী ৰোগীৰ মৃত্যুৰ হৈছে।

২৪ ঘন্টাত ৰাজ্যত ৪১ হাজাৰ টেষ্ট  সম্পন্ন

ৰাজ্য ২৪ ঘন্টাত ৪১,০২৮ গৰাকী লোকৰ SWAB পৰীক্ষা সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে। বৃহস্পতিবাৰে ৰাজ্যত আক্ৰান্তৰ হাৰ ৫.১৪ শতাংশ। ৰাজ্যত বৰ্তমানলৈ ৮ লাখ ৭৯ হাজাৰ ৭১ গৰাকী  লোকৰ পৰীক্ষা সম্পন্ন কৰে ৰাজ্যৰ স্বাস্থ্য বিভাগে।