অসমৰ মুখ্যমন্ত্ৰীয়ে কামাখ্যা মন্দিৰত কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প উদ্বোধন কৰে
শুকুৰবাৰে গুৱাহাটীৰ প্ৰতিষ্ঠিত কামাখ্যা মন্দিৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প উদ্বোধন কৰে।
“স্বচ্ছ ভাৰত অভিযানৰ অধীনত স্থাপিত মা কামাখ্যা দেৱালয়ত এক কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প উদ্বোধন কৰি মই আনন্দিত”, মুখ্যমন্ত্ৰীয়ে টুইট কৰে।
I'm glad to have inaugurated a solid waste management plant at Maa Kamakhya Devalaya, set up under Swachh Bharat Abhiyan. This would bolster efforts to keep the Shaktipeeth clean while turning waste into compost. pic.twitter.com/oHUgbupSXr
— Himanta Biswa Sarma (@himantabiswa) November 5, 2021
অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই পদক্ষেপে শক্তিপীঠক পৰিষ্কাৰ ৰখাত সহায় কৰিব আৰু লগতে আৱৰ্জনাক পচন সাৰলৈ পৰিৱৰ্তন কৰিব।
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে দিছপুৰ চুপাৰমাৰ্কেট এলেকাত বৃহস্পতিবাৰে নৱনিৰ্মিত উৰণীয়া সেঁতুউদ্বোধন কৰে আৰু ইয়াত থু নেপেলাবলৈ ৰাইজক আহ্বান জনায়।
উদ্বোধনৰ সন্দৰ্ভত মুখ্য মন্ত্ৰীয়ে কয় যে উৰণীয়া সেঁতুখন এতিয়া সাধাৰণ ৰাইজৰ বাবে মুকলি হৈ আছে আৰু এতিয়া মানুহে ট্ৰেফিকৰ পৰা কিছু সকাহ পাব।