Assam Chief Minister Praises Successful Conclusion of ADRE Exam : সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ
নিউজ ডেস্ক,১৫ছেপ্তেম্বৰ : আজিৰ অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাৰ প্ৰথমটো পৰ্যায় অনুষ্ঠিত হয়। পুৱা ১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা পৰীক্ষাৰ অন্ত পৰে দুপৰীয়া ১:৩০ বজাত।
পৰীক্ষা শেষ হোৱাৰ পাছতে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৃতজ্ঞতা জনাই এটা পোষ্ট কৰে ছ’চিয়েল মিডিয়াত।সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ(Assam Chief Minister Praises Successful Conclusion of ADRE Exam)।
মুখ্যমন্ত্ৰীগৰাকীয়ে Xৰ এটা পোষ্টত লিখিছে এনেদৰে- ‘প্ৰথমটো এডিআৰই পৰীক্ষা শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে।‘কোনো সমস্যা নোহোৱাকৈ এই কাৰ্য্য সফলতাৰে সম্পূৰ্ণ কৰা অসম চৰকাৰৰ সকলো বিষয়া আৰু কৰ্মচাৰীলৈ মোৰ গভীৰ কৃতজ্ঞতা।মই আকৌ এবাৰ আমাৰ যুৱ প্ৰজন্মক আশ্বাস দিছোঁ যে চৰকাৰী নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছতা আমাৰ বিশেষত্ব হৈ থাকিব।
লগতে পঢ়ক : Sensational Incident : গাঁওৰক্ষী বাহিনীৰ সম্পাদকক আক্ৰমণ দুৰ্বৃত্তৰ’