Local, Vocal, Global

আছে পকী দলং কিন্তু নাই সংযোগী পথ ! ক’ত এই ঘটনা ?

অসম দেশৰ বিষম কথা, আপোনালোকে দেখিছে দলঙৰ অভাৱত সাধাৰণ ৰাইজে জীয়াতু ভোগা ছবি কিন্তু আমি দেখুৱাম পথ নথকা এখন পকী দলং। যি দলঙৰ নাই কোনো সংযোগী পথ। দলংৰ তলেৰে অহা যোৱা কৰিব লাগে সাধাৰণ ৰাইজে।

বোকাজানত পথৰ মাজত নির্মাণ কৰা হল এখন পকী দলং। পানীৰ মাজত দলং আছে ঠিকেই কিন্তু দলং পাৰ হৈ যাবলৈ নাই কোনো পথ। এয়া কোনো আপুনি মই শুনা সাধু কথা নহয়। এয়া কাৰ্বি পাহাৰৰ খাটি খোৱা সাধাৰণ ৰাইজৰ দুৰ্দশাৰ এখন জীয়া বাস্তৱ ছবি। পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ দিনত কামৰ নমুনা চাওঁ আহক।

এয়া কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ সৰুপথাৰ পৰিষদীয় সমষ্টিৰ আদৰ্শ গাঁৱৰ ছবি। ১৭ কি. মি. দৈৰ্ঘ্যৰ ৰামানগৰ জপৰাজান সংযোগী পথটোৰে নিতৌ অহা যোৱা কৰে শ-শ লোকে। অঞ্চলতটোৰ পাকলাংচ, আদৰ্শ গাঁও, চন্দ্ৰ তেৰাং, ডিলাওজানকে ধৰি বহু কেইখন গাঁৱৰ লোকে পথটোৰ অভাৱত দীৰ্ঘদিন ধৰি বহু সমস্যাৰ সন্মুখীন হৈ আহিছে। যাতায়তৰ সুবিধা নথকা ফলত ৰোগী তথা প্ৰসূতি চিকিৎসালয়লৈ যাবলৈ নাই কোনো সুবিধা। এখন বাঁহৰ সৰু দলঙেৰে অতি বিপদশংকুলভাৱে পাৰ হ’ব লগীয়া হয় অঞ্চলটোৰ ৰাইজৰ । আনকি দলং খনৰ নিচেই কাষতে লাগি থকা চন্দ্ৰ তেৰাং প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও এনেদৰেই অতি কষ্টৰে বিদ্যালয়লৈ অহা যোৱা কৰিবলগীয়া হৈছে।

 

কাৰ্বি আংলং জিলাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ২০১৭ বৰ্ষতে আধাৰশিলা স্থাপন কৰিছিল। কিন্তু আজি পৰ্যন্ত সম্পূৰ্ণ হৈ নুঠিল দলংখনৰ লগতে পথটিৰ কাম। ৰাইজৰ দীৰ্ঘদিনীয়া এক সমস্যা কোনো এখন চৰকাৰেই দূৰ কৰিব নোৱাৰিলে। উন্নয়নৰ জয়গান গোৱা চৰকাৰ খনৰ দিনত এনেদৰেই পৰি ৰ’ব নেকি ফুলদানী সদৃশ এই দলংখন।