হাতে-হাতে বিচনী লৈ মাজনিশা বিহপুৰীয়াৰ ৰাজপথত একাংশ জনতা। অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে মাজনিশা প্ৰতিবাদ সাব্যস্ত বিহপুৰীয়াৰ সমীপৰ ভকতগাঁৱৰ ৰাইজৰ। হাতে-হাতে বিচনি লৈ ৰাজপথত বহি বিভিন্ন শ্লোগানেৰে বিদ্যুৎ বিভাগক গৰিহণা দিয়ে ৰাইজে। উল্লেখযোগ্য যে,বিহপুৰীয়া বিদ্যুৎ উপসংমণ্ডলৰ অধীনৰ বৃহত্তৰ অঞ্চলটোত বিদ্যুতৰ লুকা-ভাকুয়ে ৰাইজ অতীষ্ঠ কৰি তুলিছে। দিনটোৰ ২৪ ঘন্টাৰ ২০ ঘন্টাই কাৰেন্ট নথকাৰ অভিযোগ ৰাইজৰ।
ইফালে স্থানীয় ৰাইজে উপসংমণ্ডল কাৰ্যালয়ত বহুবাৰ অভিযোগ দাখিল কৰিছে যদিও কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই উপসংমণ্ডলৰ বিষয়াগৰাকীয়ে। উপায়বিহীন ৰাইজে উৎকট গৰমত অতীষ্ঠ হৈ স্থানীয় ৰাইজে বুধবাৰে মাজনিশা ৰাজপথত প্ৰতিবাদী কাৰ্যসুচী ৰূপায়ণ কৰে । ২৪ ঘন্টাই নিয়মীয়া বিদ্যুৎ যোগানৰ আশ্বাস দিয়া চৰকাৰখনৰ কাৰ্যকালত বিদ্যুতৰ লুকা-ভাকুয়ে ৰাইজক অতীষ্ঠ কৰি তুলিছে।