Local, Vocal, Global

আৰক্ষীৰ জালত “নিশাৰ দস্যু”

দুধনৈ আৰক্ষীৰ বৃহৎ সাফল্য। আৰক্ষীৰ জালত ৰাষ্ট্ৰীয় ঘাইপথৰ “নিশাৰ দস্যু”খ্যাত ডকাইতৰ দলসহ বাহন ৷

ৰাষ্ট্ৰীয় ঘাইপথত নিশা হাইজেকাৰৰ দৌৰাত্ম্য ৷ পলকতে অন্তৰ্ধান হয় কাজু, তামোল, চুপাৰীভৰ্তি বাহন ৷ আৰক্ষীৰ কৌশলেৰে সামগ্ৰীভৰ্তি বাহন ৰখাই ড্ৰাইভাৰ-হেণ্ডিমেনৰ হাত-ভৰি বান্ধি পেলাই দি সামগ্ৰীসহ বাহন লৈ উধাও হয় ডকাইতৰ দলটো। ইতিমধ্যে গোৱালপাৰা জিলাৰ ৰাজপথত নিশা দুৰ্বৃত্তই হাইজেক কৰিছে কাজুভৰ্তি বাহন, চুপাৰী আৰু তামোলৰ বাহনো ৷ যোৱা কেইদিনমান পূৰ্বে ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ চৰাইমাৰীৰ পৰা নিশা হাইজেক হয় এখন কাজু বাদামভৰ্তি পিকআপ ভান। ভুক্তভোগীয়ে লগে-লগে দুধনৈ থানাত এজাহাৰ দাখিল কৰে আৰু দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলা এক বৃহৎ অভিযানৰ অন্তত আব্দুল হালিম আৰু আলী নামৰ দুজন লোকক কৰায়ত্ত কৰে । দুয়োৰে পৰা ৬২ টিন কাজু উদ্ধাৰ কৰে ৷ ইয়াৰে আব্দুল হালিম হৈছে এজন কুখ্যাত ডকাইত। দক্ষিণ কামৰূপৰ ছয়গাওঁৰ হাতীচলা পামৰ পৰা জব্দ কৰিছে হাইজকেৰ কামত ব্যৱহৃত দুখন পিকআপ ভান আৰু এখন বাইক। গোৱালপাৰাৰ জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে বহুকেইখন সামগ্ৰী ভৰ্তি বাহন হাইজেক কৰিছিল এই দলটোয়ে ৷ আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰে ধৃত দুই ডকাইতে কিন্তু এতিয়াও নিৰুদ্দেশ বহুকেইখন বাহন আৰু পলাতক  দলটোৰ কেইবাজনো সদস্য ।