Local, Vocal, Global

সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত ৰাজ্যত নতুন ৰাজনৈতিক দল

সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত নতুন ৰাজনৈতিক দল গঠন

আঞ্চলিক গণ মৰ্চা বা ৰিজিঅ’নেল পিপ’লছ্ ফ্ৰ’ন্ট নামেৰে দল গঠন

সকলো সম আদৰ্শ সম্পন্ন দল-সংগঠনক লৈ গঠন কৰা হৈছে দলটো

কংগ্ৰেছ-এআইইউডিএফেৰে দলটোৰ নাথাকিব কোনো সম্পৰ্ক। কিন্তু নতুন দলটোৰ মূল লক্ষ্য হ’ব বিজেপিক উৎখাত কৰা। আজি এক সংবাদমেলত সাংসদ অজিত কুমাৰ ভূঞা প্ৰমুখ্যে নৱগঠিত দলটোৰ নেতৃত্বই এই বিষয়ে অৱগত কৰি কয় যে ৰাজ্যৰ তথাকথিত আঞ্চলিকতাবাদী অগপকো আস্থাত নলয় দলটোৱে।

কৃষক মুক্তি, শিল্পী সমাজ, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নাৰী সমাজ, জনগোষ্ঠীয় নেতা, সংগঠনসমূহৰ সৈতে আলোচনাৰ মাজেৰে আগন্তুক ৰাজনৈতিক কৌশল ৰচনা কৰিব বুলিও দলীয় নেতৃত্বই সাংবাদিকক অৱগত কৰে।
ইতিমধ্যে বিভিন্ন ক্ষেত্ৰৰ বহু ব্যক্তিয়ে নতুন দলটোত যোগদানৰ বাবে যোগাযোগ কৰাৰ কথা জানিবলৈ দি সাংসদ ভূঞাই কয় যে ‘কা’ৰ ষড়যন্ত্ৰ মষিমূৰ কৰাৰ লগতে দলটোৰ প্ৰধান লক্ষ্য হ’ব খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষা।সংবাদমেলত উপস্থিত থাকি নবগঠিত দলটোৰ অন্যতম নেতা অদীপ কুমাৰ ফুকনে কয় যে, ২০২১ত দিশপুৰত পুনৰ আঞ্চলিক দলৰ চৰকাৰ প্ৰতিষ্ঠাৰ লক্ষৰে নবগঠিত দলটোৱে ৰাজনৈতিক শক্তি গঢ়ি তুলিব।।