Local, Vocal, Global

অপহৰণ কৰা হৈছিল আৰিয়ানক

মহাৰাষ্ট্রৰ জ্যেষ্ঠ মন্ত্রী তথা প্রবীণ এন চি পি নেতা নবাব মালিকে এইবাৰ নার্ক’টিকছ কণ্ড্রল ব্যুৰ’ (এনচিবি)ৰ বিষয়ববীয়া সমীৰ ৱাংখেড়েৰ বিৰুদ্ধে নতুন অভিযোগ উত্থাপন কৰিছে ৷ অভিনেতা শ্বাহৰুখ খানৰ পুত্র আৰিয়ানক অপহৰণ কৰা হৈছে ৷ এই অভিযোগ আজি এক সংবাদ মেলত মন্ত্রীগৰাকীয়ে কৰাৰ উপৰি আৰিয়ানৰ মুক্তিৰ বাবে বৃহৎ অংকৰ ধন দাবী কৰা হৈছিল বুলিও উল্লেখ কৰে ৷

সংবাদ মেলত মন্ত্রীগৰাকীয়ে কয় যে ড্রাগছ পার্টীৰ আয়োজন কৰা জাহাজখনত আৰিয়ানে যাত্রাৰ বাবে ক্রয় কৰা নাছিল টিকট ৷ প্রতীক গাবা আৰু আমিৰ নামৰ লোক দুজনে আৰিয়ানক তালৈ মাতি নিছিল ৷ নবাবৰ মতে এয়া এক অপহৰণ আৰু মুক্তিপণৰ ঘটনা ৷ বিজেপি নেতা মোহিত কম্বোজে এই অপহৰণৰ জাল পেলাইছিল বুলিও অভিযোগ কৰে মালিকে ৷ মালিকৰ মতে ১৮ কোটি টকাৰ এক চুক্তি হৈছিল আৰু ৫০ লাখ টকা আদায়ো দিয়া হৈছিল ৷ কিন্তু এক ছেল্ফিয়ে সমস্ত নাটকত পানী পেলায় বুলিও উল্লেখ কৰে মালিকে ৷