নিৰ্বাচনী প্ৰচাৰৰ ৰণডংকা বজাবলৈ অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী…

ডিজিটেল ডেস্ক:-অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল।২ এপ্ৰিলত অসমলৈ আহিব অৰবিন্দ কেজৰিৱালে।দিনজোৰা কাৰ্যসূচীৰে অসমলৈ আহিব ।গুৱাহাটীৰ জনসভাত অংশগ্ৰহণ কৰিব মন্ত্ৰীগৰাকীয়ে।
এইবাৰ অসমৰ পঞ্চায়ত নিৰ্বাচনত ভুমুকি মাৰিব আম আদমি পাৰ্টি৷ সেয়েহে পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অহা ২ এপ্ৰিলত গুৱাহাটীত ভৰি দিব আম আদমি পাৰ্টিৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰিবন্দ কেজৰিৱালে ৷ ইতিমধ্যে কেজৰিৱালৰ আগমনক লৈ আপ দলটোয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ৷
আম আদমী পাৰ্টীৰ এতিয়া লক্ষ্য আগন্তুক লোকসভা নিৰ্বাচন।লোকসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি অসমলৈ আহিব মুখ্যমন্ত্ৰী গৰাকী। আম আদমী পাৰ্টীয়ে ৰাজ্যৰ চুকে কোণে সভা-সমিতি আয়োজন কৰি নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ চেষ্টা কৰি আছে।ৰাষ্ট্ৰীয় ৰাজনীতিত খোপনি পুতিবলৈ আৰম্ভ কৰিছে আম আদমী পাৰ্টীয়ে। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই দলটোৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ২ এপ্ৰিলত অসম ভ্ৰমণলৈ আহিব।দিনজোৰা কাৰ্যসূচীৰে অসমলৈ আহিব।
এই সভাত বিজেপি, কংগ্ৰেছ, অগপকে ধৰি আন দলৰ নেতা আপত যোগদান কৰাৰ সম্ভাৱনা আছে।এই সভাৰ জৰিয়তে কেজৰিৱালে দলৰ কৰ্মকৰ্তাসকলক উৎসাহ তথা ৰাজ্যৰ জনসাধাৰণক আম আদমী পাৰ্টীৰ প্ৰতি আকৰ্ষিত কৰাৰ প্ৰয়াস চলাব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মন্তব্য কৰিছে।
উল্লেখ্য যে, কেজৰিৱালৰ এই অসম ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ’ব। শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ মাজত হৈ যোৱা টুইটাৰ যুদ্ধই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।ইয়াৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰায়েই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক আক্ৰমণ কৰি অহা দেখা গৈছে।
দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ অসম ভ্ৰমনক লৈ অসমৰ মুখ্যমন্ত্ৰীয়ে কেনেধৰণৰ প্ৰতিক্ৰিয়া কৰে সেয়া সময়ত লক্ষ্যণীয় হ’ব।আনহাতে আম আদমি পাৰ্টিৰ নেতাগৰাকীৰ আগমনক লৈ আশাবাদী সকলো কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ আগমতে পঞ্চায়ত নিৰ্বাচনত প্ৰভাৱ পেলাব পাৰিব নে নোৱাৰে সেয়া নিশ্চয় পৰবৰ্তী সময়ত লক্ষণীয় হ’ব।