Local, Vocal, Global

‘টিভি চেনেলে কি কৈছে সেয়া আওকাণ কৰাই শ্ৰেয়’

এসপ্তাহ কাৰাবন্দী হৈ থাকি অৱশেষত জামিন লাভ কৰিলে দেশৰ প্ৰখ্যাত সাংবাদিক অৰ্ণৱ গোস্বামীয়ে। আত্মহত্যাৰ বাবে প্ৰৰোচনাৰ এক গোচৰত মহাৰাষ্ট্ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সাংবাদিক গোস্বামীক বুধবাৰে জামিন প্ৰদান কৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। একেটা গোচৰত অভিযুক্ত আন দুজনৰো জামিন মঞ্জুৰ কৰা হয়। ২০১৮ত অনভয় নায়ক নামৰ এজন স্থপতিবিদৰ আত্মহত্যাৰ গোচৰত ৪ নৱেম্বৰত অৰ্ণৱ আৰু আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। বম্বে উচ্চ ন্যায়ালয়ে অৰ্ণৱসহ ৩জনৰ জামিন আৱেদন খাৰিজ কৰাৰ পিছত তেওঁলোক শৰণাপন্ন হৈছিল উচ্চতম ন্যায়ালয়ৰ। জামিন আৱেদনৰ শুনানি লৈ ৫০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ডত অৰ্ণৱ গোস্বামীৰ জামিন মঞ্জুৰ কৰে উচ্চতম ন্যায়ালয়ে। আৰু দুদিনৰ ভিতৰত অৰ্ণৱক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়ে ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ইন্দিৰা বেনাৰ্জীৰ খণ্ড বিচাৰপীঠত চলিছিল অৰ্ণৱ গোস্বামীৰ জামিনৰ শুনানি। শুনানিকালত ন্যায়াধীশ চন্দ্ৰচূড়ে মন্তব্য কৰে, ‘আমি অৰ্ণৱ গোস্বামীৰ চেনেল নাচাবও পাৰোঁ। আমাৰ মতাদৰ্শ ভিন্ন হ’ব পাৰে, কিন্তু সাংবিধানিক আদালত স্বতন্ত্ৰতা ৰক্ষাত নামি পৰিবই লাগিব। অন্যথা আমি ধ্বংসৰ পথেৰে আগবাঢ়িম।’ অৰ্ণৱৰ হৈ আদালতত যুক্তি দৰ্শাইছিল জ্যেষ্ঠ অধিবক্তা হৰিশ ছালভে। ছালভেৰ প্ৰশ্ন, ‘অৰ্ণৱ সন্ত্ৰাসবাদী নেকি? তেওঁৰ বিৰুদ্ধে হত্যাৰ গোচৰ আছে নেকি? কিয় তেওঁক জামিন দিয়া হোৱা নাই?’ এই প্ৰসংগতে ন্যায়াধীশ চন্দ্ৰচূড়ৰ প্ৰশ্ন কাৰোবাৰ পৰা কোনোবাই ধন পাবলৈ থাকিও নোপাৱাৰ বাবে যদিহে কোনোৱে আত্মহত্যা কৰে, তেন্তে তাক আত্মহত্যাৰ প্ৰৰোচনা বুলি ধৰি লোৱা উচিত হ’ব জানো? তেওঁ আৰু কয় এই গোচৰত অৰ্ণৱক জামিন নিদিলে সেয়া অন্যায় নহ’বনে? ভাৰতৰ গণতন্ত্ৰৰ পৰিব্যাপ্তিলৈ চাই টেলিভিচনত কোনে কি মন্তব্য কৰিছে সেয়া এৰাই চলাই শ্ৰেয় হ’ব বুলিও মন্তব্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ। সমান্তৰালভাৱে মহাৰাষ্ট্ৰ চৰকাৰক সমালোচনা কৰি ন্যায়াধীশ চন্দ্ৰচূড়ে কয় ‘কোনো ব্যক্তিক লক্ষ্য কৰি লোৱাৰ আগেয়ে চৰকাৰে বুজা উচিত যে উচ্চতম ন্যায়ালয় নাগৰিকসকলৰ অধিকাৰ ৰক্ষাৰ বাবেই আছে।বিভিন্ন ৰাজ্যৰ উচ্চ ন্যায়ালয়সমূহকো কোৱা হ’ব যাতে আইনৰ এক্টিয়াৰত থাকি ব্যক্তিগত স্বাধীনতা ৰক্ষাৰ বাবে সচেষ্ট হয়।’