Local, Vocal, Global

পুনৰ এক চাঞ্চল্যকৰ হত্যাকাণ্ড,বোৱাৰীৰ বৰ্বৰতাৰ বলি হ’ল বৃদ্ধা শাহুৱেক…

সকলোফালে কেৱল মৃত্যুৰ কিৰিলি।মানুহ যেন সময়ৰ সোঁতত লাহে লাহে জন্তুলৈ ৰূপান্তৰিত হ’ব ধৰিছে।বিগত বৰ্ষত পোহৰলৈ আহিছে এটাৰ পিছত এটা হত্যাকাণ্ডৰ ঘটনা।বিগত বৰ্ষত পোহৰলৈ আহিছিল এক নৃশংস হত্য়াকাণ্ড ,শ্ৰদ্ধা ৱাকাৰৰ হত্য়াকাণ্ড।প্ৰেমিকে নিজৰ প্ৰেমিকাক হত্যা কৰি মৃতদেহ টুকুৰা টুকুৰি কৰি ফ্ৰীজত থৈছিল কেইবাদিনো।হত্যাকাৰী সকলে যেন এক নতুন উপায় হে বিচাৰি পালে।

ৰাজ্য জোকাৰি যোৱা বন্দনা কলিতাৰ ডাবল মাৰ্ডাৰ ঘটনাৰ চাঞ্চল্য মাৰ নোযাওঁতে পুনৰ সংঘটিত হয় আন এক চাঞ্চল্যকৰ ঘটনাৰ।এইবাৰ বৃদ্ধা শাহুৱেক বলি হ’ল বোৱাৰীৰ।বৰপেটা জিলাৰ সৰুক্ষেত্ৰীৰ কমলাবাৰীত সংঘটিত হৈছে এই শোকাবহ ঘটনা। মঙলবাৰে শহুৰ চুবুৰ আলীক বোৱাৰী চালমাই পৰিকল্পিত ভাৱে ননদৰ ঘৰলৈ পঠাই দিয়ে। তাৰ পাছতে নিশা কোনো নথকাৰ সুযোগ লৈ শাহুৱেক জমেলা ভানুক হত্যা কৰে বোৱাৰী চালমা জাহান আহমেদে।

অভিযোগ মতে শাহুৱেকক প্ৰথমতে ভৰিত আৰু ডিঙিত ৰছীৰে বান্ধি লৈ এখন কম্বলেৰে মেৰিয়াই হেঁচি ধৰি হত্যাকাণ্ড সংঘটিত কৰে চালমাই। বুধবাৰে পুৱা পোহৰলৈ আহে এই ঘটনা।

হত্যাকাণ্ড সংঘটিত কৰা চালমাৰ স্বামী জেহেৰুল ইচলাম চি আৰ পি এফত কৰ্মৰত হৈ বাহিৰত থাকে । আৰু ঘৰত কোনো নথকাৰ সুযোগ লৈ পাষাণ হৃদয়ৰ বোৱাৰীয়ে সংঘটিত কৰিলে এই বৰ্বৰ হত্যাকাণ্ড। এই খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যেই ঘটনাস্থলীত সৰ্থেবাৰীৰ আৰক্ষী আৰু মাজদিয়া আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।