Local, Vocal, Global

জানমণি বৰা হত্যাকাণ্ডৰ লগত জড়িত আন এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৮ ছেপ্তেম্বৰ : জামুগুৰিহাটৰ ইটাখোলাৰ শান্তিপুৰত সোমবাৰে সংঘটিত জানমণি বৰা নামৰ বিজেপিৰ গাঁও সভাৰ সদস্য গৰাকীৰ হত্যাকাণ্ডৰ লগত জড়িত আন এগৰাকী অভিযুক্ত বিশ্বজিত দেক গ্ৰেপ্তাৰ আৰক্ষীৰ।


ইতিমধ্যে জানমণি বৰাৰ হত্যাকাণ্ডৰ মুল অভিযুক্ত পূৰ্ণিমা হাজৰিকাক হত্যাকাণ্ডৰ নিশাই গ্ৰেপ্তাৰ কৰাৰ পিছত আজি চতিয়া আৰক্ষীয়ে পুনৰ এই হত্যাকাণ্ডৰ আন এজন অভিযুক্ত বিশ্বজি‌ত দেক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।
ইতিমধ্যে অভিযুক্ত গৰাকীক ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰা হৈছে ৷

উল্লেখ্য যে, মঙলবাৰে জামুগুৰিহাটৰ ইটাখোলাত নিশা সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড। বিজেপিৰ গাঁও সভাৰ সদস্য জানমণি বৰাক (৪৮) কোনো দুৰ্বত্তই চোকা অস্ত্ৰৰে প্ৰহাৰ কৰি নৃশংস ভাৱে হত্যা কৰি পেলাই থৈ যায় মৃতদেহ।

ইটাখোলা আৰক্ষী চকী এলেকাৰ ২নং ইটাখোলাৰ নৱপুৰ গাঁৱৰ এটা পুখুৰীৰ পাৰত ৰক্তাক্ত অৱস্থাত বিজেপিৰ গাঁওসভাৰ সদস্যগৰাকীৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছিল৷