অৱসান ঘটিল আমিৰ খান আৰু কিৰণ ৰাৱৰ বৈবাহিক সম্পৰ্ক

জনপ্ৰিয় অভিনেতা আমিৰ খান আৰু কিৰণ ৰাৱে বিবাহৰ ১৫ বছৰৰ পিছত তেওঁলোকৰ সম্পৰ্ক সমাপ্ত কৰাৰ সিদ্ধান্ত লয় । আমিৰ আৰু কিৰণে এক যুটীয়া বিবৃতিত ঘোষণা কৰে যে দুয়ো গৰাকীয়ে এতিয়া পৃথক আছে । দুয়োজনে এতিয়া স্বামী আৰু পত্নীৰ পৰিৱৰ্তে পৃথক জীৱন যাপন কৰিব । তাৰকা সকলৰ বাবে এয়া কোনো ডাঙৰ কথা নহয় । কিন্তু অনুৰাগী সকলৰ বাবে এক আচৰিত ঘটনা।
আমিৰ খান আৰু কিৰণ ৰাৱে জনাই
দুয়ো জনে পৃথক বাস কৰা স্বত্বেও আমি আমাৰ জীৱনটো এটা সম্প্ৰসাৰিত পৰিয়ালৰ দৰে ভাগ বতৰা কৰিম । আমি আমাৰ পুত্ৰ আজাদৰ প্ৰতি সমৰ্পিত পিতৃ মাতৃ যাক আমি একেলগে ডাঙৰ দীঘল কৰিম ।।
তেওঁ লোকে আৰু জনাই
আমাৰ সম্পৰ্ক কেৱল বিশ্বাস, সন্মান আৰু প্ৰেমত বৃদ্ধি পাইছে। এতিয়া আমি আমাৰ জীৱনত এটা নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰো। স্বামী আৰু পত্নী হিচাপে নহয়, কিন্তু সহ-পিতৃ-মাতৃ আৰু পৰিয়াল হিচাপে।