চৰকাৰে পৰিকল্পিতভাৱে এটাৰ পিছত এটা গোচৰ জাপি দিয়াৰ ফলত দীৰ্ঘদিন ধৰি কাৰাবাশত থাকিবলগীয়া হোৱা কৃষক মুক্তিৰ নেতা অখিল গগৈ প্ৰমুখ্যে অন্যান্য নেতাসকলৰ মুক্তিৰ দাবীত ইতিমধ্যে ৰাজ্যব্যাপী আৰম্ভ হৈছে আন্দোলন কাৰ্যসূচী। কৰ’না মহামাৰীৰ আতংকৰ মাজতে সামাজিক দূৰত্ব বজাই ৰাখি চৰাইদেউ জিলাৰ পাটসাকো তিনিআলিত অখিল গগৈকে ধৰি কা আন্দোলনত কাৰাবন্দী কৰা সকলোকে বিনা চৰ্তে মুক্তিৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি,ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে দিয়া বিভিন্ন চৰকাৰ বিৰোধী শ্লোগানত কঁপি উঠিল অঞ্চলটোত আকাশ বতাহ।