Local, Vocal, Global

কাৰাৰুদ্ধ অখিল গগৈৰ চিঠি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মালৈ

শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে জে’লৰ পৰাই অসমৰ মুখ্যমন্ত্রীলৈ লিখিছে দুখন চিঠি৷ সম্প্রতি গুৱাহাটী মেডিকেল কলেজ চিকিৎসালয়ত চিকিৎসাধীন সংগ্রামী নেতাজনে দুটা অতি গুৰুত্বপূর্ণ বিষয়ত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মালৈ এই পত্র প্রেৰণ কৰিছে৷ প্রথমখন পত্রৰ জৰিয়তে বিধায়ক গগৈয়ে ঐতিহাসিক জয়সাগৰ পুখুৰীৰ পাৰৰ পৰা ১৪৯ বি এন হেড কোৱার্টাৰ চি আৰ পি এফৰ কেম্প উঠাই নিবলৈ মুখ্যমন্ত্রীগৰাকীক ব্যৱস্থা গ্রহণৰ বাবে অনুৰোধ জনাইছে৷
চিঠিখনত বিধায়ক গগৈয়ে কয় যে জয়সাগৰ পুখুৰী মধ্যযুগত খন্দা এটা অতি ঐতিহাসিক সম্পদ৷ এই পুখুৰীটো আহোম ৰাজবংশৰ চতুর্থখন স্থায়ী ৰাজধানী ৰংপুৰত অৱস্থিত৷ স্বর্গদেউ ৰুদ্রসিংহই এই ৰাজধানী ১৭০৭ চনত প্রতিষ্ঠা কৰিছিল৷ তেওঁ এই পুখুৰীটো তেওঁৰ মাতৃ জয়মতীৰ স্মৃতিত খনন কৰিছিল৷ কিন্তু এই পুখুৰীৰ উত্তৰ–পশ্চিম পাৰত চি আৰ পি এফৰ ১৪৯নং বেটেলিয়নৰ হেড কোৱার্টাৰ অৱস্থিত৷
অসম চৰকাৰৰ বিভিন্ন বিভাগৰ চৰকাৰী কিছুমান কোৱার্টাৰ দখল কৰি চি আৰ পি এফৰ এই কেম্প তৈয়াৰ কৰা হৈছে৷ এই কেম্পৰ সন্মুখৰ পথটোৰে সাধাৰণ নাগৰিক আৰু পর্যটকৰ আহ–যাহ বন্ধ কৰি দিয়া হৈছে৷ পথৰ ওপৰত কাঁইটীয়া তাঁৰৰ গেট দি বন্ধ কৰি ৰখা হয় পথছোৱা৷ তদুপৰি, কেম্পৰ বিশাল বিশাল গাড়ীয়ে সমগ্র ঐতিহাসিক পুখুৰীৰ পাৰটো বিভিন্ন সময়ত দখল কৰি ৰাখে৷ এইটোৱে এই ঐতিহ্যপূর্ণ পুখুৰীটোৰ সৌন্দর্য আৰু গৌৰৱ দুয়োটাই ম্লান কৰিছে৷ সেয়েহে অতি সোনকালে অসমীয়া জাতীয় ঐতিহ্য আৰু আহোম ৰাজত্বৰ গৌৰৱ জয়সাগৰ পুখুৰীৰ পাৰৰ পৰা এই চি আৰ পি এফ কেম্পটো উঠাই নিবলৈ মুখ্যমন্ত্রী তথা গৃহমন্ত্রী হিমন্ত বিশ্ব শর্মাক ঐতিহাসিক শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আহ্বান জনাইছে৷ দ্বিতীয়খন চিঠিত ৰাইজৰ দলৰ সভাপতিজনে এটা অতি গুৰুত্বপূর্ণ বিষয়ত মুখ্যমন্ত্রীৰ হস্তক্ষেপ দাবী কৰিছে৷ সেয়া হ’ল গুৱাহাটীৰ ফাঁচীবজাৰৰ পুৰণি জে’লৰ ৬৫ বিঘা মাটিত ব’টানিকেল গার্ডেন স্থাপন নহয়, অসমৰ থলুৱা ব্যৱসায়ী আৰু উদ্যোগীৰ বাবে আন্তঃৰাষ্ট্রীয় মানৰ ব্যৱসায়িক কেন্দ্র স্থাপন কৰিবলৈ দাবী জনাইছে৷ পত্রখনত বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্রীৰ প্রতি আহ্বান জনাই কয় যে ফাঁচীবজাৰ অসমৰ বজাৰ অর্থনীতিৰ প্রাণকেন্দ্রই নহয়, এই ঠাইৰ পৰাই সমগ্র উত্তৰ–পূর্বাঞ্চলৰ বাণিজ্য নিয়ন্ত্রণ হয় কিন্তু অসমৰ থলুৱা ব্যৱসায়ীৰ ফাঁচীবজাৰত নিয়ন্ত্রণ নাই৷