Local, Vocal, Global

লখিমপুৰত অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনাৰে প্ৰাৰ্থনা

58

কৃষক নেতা অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা । লখিমপুৰ জিলাৰ নাৰায়ণপুৰ তিনিআলিৰ সন্দিকৈ গাৱঁত টাই আহোম সকলৰ সম্পূৰ্ণ টাই মাংগলিক প্ৰথাৰে প্ৰাৰ্থনা কৰি অখিল গগৈৰ স্বাস্থ্যৰ আশু আৰোগ্য কামনা কৰে । এঘাৰ গছি বন্তি প্ৰজ্বলন কৰি অখিল গগৈৰ বাবে ভগবানৰ ওচৰত প্ৰাৰ্থনা ৰাইজৰ । সদৌ অসম একত্ৰিত যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সম্পাদক অনুপ শইকীয়াৰ উপস্থিতত অখিল গগৈৰ মুক্তিৰ দাবীৰ লগতে শীঘ্ৰে অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰাৰ বাবে চৰকাৰক দাবী জনাই।