Local, Vocal, Global

কৃষক নেতা অখিল গগৈৰ মুক্তি দাবীত টীয়কত প্ৰতিবাদ

কৃষক নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল আৰু মানস কোঁৱৰক মুক্তিৰ দাবীত টীয়কত প্ৰতিবাদ

কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ আহ্বানত বুধবাৰে টীয়ক আৰক্ষী থানা সন্মুখত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । জাতীয় সংগঠনকেইটাই অখিল গগৈক মুক্তি দিয়ক, ধৈৰ্য কোঁৱৰক মুক্তি দিয়ক, বিতু সোনোৱালক মুক্তি দিয়ক, মানস কোঁৱৰক মুক্তি দিয়ক, অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰক, বিতু সোনোৱালক উন্নত চিকিৎসা প্ৰদান কৰক, বি জে পি হুচিয়াৰ, আমাক ন্যায় লাগে আদি লিখিত প্লে’কাৰ্ড লৈ অৰ্দ্ধ শতাধিক কৰ্মীয়ে প্রায় এঘণ্টা সময় মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে অখিল গগৈ, ধৈৰ্য কোঁৱৰ, বিতু সোণোৱাল, মানস কোঁৱৰক মুক্তি আৰু অখিল গগৈ, বিতু সোণোৱালৰ গাত যিহেতু কৰ’নাৰ লক্ষণ দেখা দিছে সেয়ে তেওঁলোকক উন্নত চিকিৎসা প্ৰদানৰ দাবী জনাইছে।